দীপাৱলীৰ আতচবাজীত দিল্লীত অভাৱনীয় বায়ু প্রদূষণ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: দীপাৱলীৰ পিছদিনাখন দিল্লীবাসীয়ে ভয়াৱহ সংকটত কটাবলগীয়া হৈছে৷ আতচবাজীৰ বাবে বায়ু প্রদূষণ ইমানেই বৃদ্ধি পাইছে যে কেইমিনিট মানৰ ভিতৰতে ঘৰৰ বাহিৰ ওলালেই মানুহৰ চকুৰে পানী নিগৰি পৰে আৰু অত্যধিক কাহত লেবেজান হ’বলগীয়া অৱস্থাত পৰে শিশুৰ পৰা বৃদ্ধিলৈকে সকলো লোক৷ উৎসৱৰ অশান্তি ভোগ কৰিবলগীয়া হৈছে দেশৰ ৰাজধানী মহানগৰৰ বাসিন্দাসকলে৷
উল্লেখনীয় যে কালিৰ নিশাৰ ভাগলৈ দিল্লীত বায়ু প্রদূষণৰ মাত্রা অত্যধিক হাৰত বৃদ্ধি পায়৷ আজি পুৱাৰ ভাগত বায়ু প্রদূষণ বিপজ্জনক অৱস্থালৈ বৃদ্ধি পায়৷ লক্ষণীয়ভাৱে দিল্লীত বায়ু প্রদূষণ পূর্বৰে পৰা দেশৰ অন্যান্য মহানগৰতকৈ বেছি৷ আতচবাজীৰ বাবে আজি দিল্লীৰ আকাশ হৈ থাকে ধোঁৱাচ্ছন্ন৷
ইফালে, শাসকীয় আম আদমী পার্টী চৰকাৰে দীপাৱলীত এই অত্যধিক আতচবাজীৰ বাবে জগৰীয়া কৰিছে বিজেপিক৷ বিজেপিৰ নেতাসকলৰ বাবে দিল্লীত বহু সতর্কতা সত্ত্বেও দীপাৱলীত আতচবাজীৰ ব্যৱস্থা কৰিছিল জনসাধাৰণে৷ পৰিণতিত মুহূর্তৰ ভিতৰতে দিল্লীত বায়ু প্রদূষণ মাত্রাধিক হৈ পৰে৷ স্থানীয় বাসিন্দাসকলে উল্লেখ কৰা অনুসৰি আজি পুৱাৰ ভাগত বহু লোকে চকুৰ সমস্যাত ভুগিবলগীয়া হৈছে৷