দুর্গন্ধঃ দীঘলীপুখুৰীয়ে জনস্বাস্থ্যলৈ আনিছে ভাবুকি
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: পর্যটন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই উত্তৰ–পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ পর্যটন আৰু বিনোদনৰ স্থলীসমূহে কদর্য ৰূপ লৈছে৷ ইয়াৰ এক উদাহৰণ হ’ল গুৱাহাটীৰ অন্যতম পর্যটন ক্ষেত্র দীঘলীপুখুৰী৷ পর্যটন বিভাগৰ অধীনত থকা এই পুখুৰীটোৰ পৰা ওলোৱা দুর্গন্ধই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ সৌন্দর্য ম্লান কৰিছে৷ দীঘলীপুখুৰীৰ চাৰিওকাষে কটন কলেজ, সন্দিকৈ বালিকা মহাবিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম ৰাজ্যিক সংগ্রহালয়, ৰবীন্দ্র ভৱন, ৰাজ্যিক গ্রন্থাগাৰ, কার্জন হলকে ধৰি বহুকেইটা ইতিহাসপ্রসিদ্ধ গুৰুত্বপূর্ণ অনুষ্ঠান–প্রতিষ্ঠান আছে৷ প্রতিদিনে দীঘলীপুখুৰী পাৰত বিনোদনৰ বাবে হাজাৰ হাজাৰ লোকৰ সমাগম হয়৷ কিন্তু পর্যটন বিভাগৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে পর্যটনস্থলী দীঘলীপুখুৰীয়ে কদর্য ৰূপ ধাৰণ কৰিছে৷ বিভাগটোৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অৱসৰ বিনোদনৰ বাবে দীঘলীপুখুৰীলৈ অহা লোকসকলে পুখুৰীটোৰ পৰা ওলোৱা দুর্গন্ধত নাকত সোপা দি অহা–যোৱা কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷
শুকুৰবাৰে দীঘলীপুখুৰী পাৰত আছুৰ উদ্যোগত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যুবার্ষিকী অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ অহা লোকসকলে দীঘলীপুখুৰীৰ পৰা ওলোৱা দুর্গন্ধত অস্বস্তিকৰভাৱে এক দীঘলীয়া সময় পাৰ কৰিবলগীয়া হয়৷ বছৰৰ পিছত বছৰ ধৰি দীঘলীপুখুৰীটো পৰিষ্কাৰ নকৰাত চলিত বর্ষৰ জুলাই মাহত অস্বাভাৱিক হাৰত লাখ লাখ টকাৰ মাছৰ মৃত্যু হৈছিল৷ সেই সময়ত পর্যটন মন্ত্রী বিমল বৰাই দীঘলীপুখুৰীত উপস্থিত হৈ দীঘলীপুখুৰীক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিব বুলি ঘোষণা কৰিছিল৷ অৱসৰ বিনোদনৰ বাবে দীঘলীপুখুৰীত বৰশী বোৱাৰো ব্যৱস্থা কৰা হ’ব বুলি প্রতিশ্রুতি দিছিল৷ কিন্তু মন্ত্রী বিমল বৰাৰ এই প্রতিশ্রুতিক কার্যতঃ অসাৰ প্রতিপন্ন কৰিছে দীঘলীপুখুৰীৰ পৰা ওলোৱা দুর্গন্ধই৷
দীঘলীপুখুৰীৰ পূতিগন্ধময় পৰিৱেশত সুধাকণ্ঠৰ দশম মৃত্যুবার্ষিকী উদ্যাপন কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে চৰকাৰৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই দীঘলীপুখুৰীৰ এই অৱস্থা হোৱা বুলি মন্তব্য কৰে৷ লগতে পর্যটন বিভাগ আৰু চৰকাৰক শীঘ্রেই দীঘলীপুখুৰীক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷