এক দশকত দীপৰ বিলত হ্রাস দুশ প্রজাতিৰ পক্ষী
ৰামছাৰ ছাইট খ্যাত দীপৰ বিলৰ জৈৱ–বৈচিত্র্যলৈ ভাবুকি
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অবাধ বেদখল আৰু প্রদূষণে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে ৰাজ্যৰ বিল–জলাশয়লৈ৷ ইয়াৰে অন্যতম উদাহৰণ হ’ল ৰামছাৰ ছাইট খ্যাত দীপৰ বিল৷ দীপৰ বিলত বছৰ বছৰ ধৰি চলি অহা বেদখলে আর্দ্রভূমিৰ পৰিসৰ হ্রাস কৰাৰ উপৰি প্রদূষণে জৈৱ–বৈচিত্র্যৰ প্রতি প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ চর্চিত এই ভয়াৱহতা শেহতীয়াভাৱে যোৱা ১২ ফেব্রুৱাৰীত দীপৰ বিলত গুৱাহাটীৰ বন্যপ্রাণী সংমণ্ডল প্রাধিকাৰীয়ে স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চলোৱা জৰীপত প্রকাশ পাইছে৷
প্রকাশিত তথ্য অনুসৰি, দুই শতাধিক প্রজাতিৰ পক্ষীৰ বিচৰণস্থলী দীপৰ বিলত শেহতীয়া জৰীপত মাত্র ৬৬টা প্রজাতিৰ পক্ষীহে পোৱা গৈছে৷ ২০০২ চনত ৪ হাজাৰ হেক্টৰ জলাশয়ৰ ভূমি হিচাপে স্বীকৃত ৰামছাৰ ছাইট দীপৰ বিলত অবাধ ভূমি বেদখল আৰু প্রদূষণৰ পৰিণতিত পৰিভ্রমী পক্ষীৰ সংখ্যা প্রতিবছৰে উদ্বেগজনকভাৱে হ্রাস পাবলৈ ধৰিছে৷ দীপৰ বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ২৭০বিধ বিভিন্ন প্রজাতিৰ চৰাই দেখিবলৈ পোৱা গৈছিল৷ ইয়াৰ ভিতৰত ৭০বিধ প্রজাতিৰ চৰাই আছিল পৰিভ্রমী চৰাই৷ বিভিন্ন প্রজাতিৰ চৰাইসমূহৰ ভিতৰত পানীডুবি, দেওৰাজহাঁহ, ভেলা, পানীকাউৰী, কৈলাঙী, দৈকলা, মণিয়ৰী, গোবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাক চৰাই, আজান, কণামুচৰি, ইটাগুড়ীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, ৰঙামুৰি হাঁহ, বামুণী হাঁহ, মটিয়া চিলনী, শগুন, মাছৰোকা, ডাউক, দলপোঙা, কামচৰাই, গংগাচিলনী, বালিমাহী আদি উল্লেখযোগ্য৷ এই বিভিন্ন প্রজাতিৰ চৰাইৰ ভিতৰত এইবাৰৰ জৰীপত মাত্র ৬৬টা প্রজাতিৰহে চৰাই দীপৰ বিলত পোৱা গৈছে৷ দীপৰ বিলত পোৱা বিভিন্ন প্রজাতিৰ চৰাইসমূহৰ সংখ্যাও পূর্বতকৈ অস্বাভাৱিক ধৰণে হ্রাস পাইছে৷
তথ্য অনুসৰি, শেহতীয়া জৰীপত ৫৪টা পানীডুবি চৰাই, ৭৭টা দেওৰাজহাঁহ, ১৫টা ধৃতৰাজ, ৪৬৪টা ইটাগুড়ীয়া হাঁহ, ২৫টা চাকৈচকোৱা, ১১৬৯টা কাৰনেজি হাঁহ, ১৩৪৩টা সৰুশৰালি হাঁহ, ৯টা বৰশৰালি হাঁহ, ৪টা ঘিলাহাঁহ, ১১৯টা পানীকাউৰী, ৩৮টা মণিয়ৰী, ৩টা বালি খোঁচৰা, ৩টা বৰটোকোলা, ৩টা হাড়গিলা, ৪টা বৰবগ, ১৬টা আজান, ৭টা ইটাগুড়ীয়া, ২০৪টা কামচৰাই, ৩টা ডাউক, ৪টা বালিঘোঁৰা, ১২টা মাছৰোকা, ৫৫টা চিলনী, ১টা শেন, ১৬টা ফেঁচু, ৭টা কপৌ, ৪৭২১টা টেলটুপি, ৫টা বুলবুলি, ১০টা কাণকুৰিকা, ৩টা মইনা, ২২টা দলপোঙা, ২৭টা দলমৌৰা, ৪টা ৰামপাৰ, ১টা গংগাচিলনীকে ধৰি মাত্র ৬৬টা প্রজাতিৰহে চৰাই পোৱা গৈছে৷
জৰীপৰ তথ্য অনুসৰি, সর্বমুঠ ১০২৮৯টা বিভিন্ন প্রজাতিৰ চৰাই পোৱা গৈছে৷ ৰামছাৰ ছাইটখ্যাত পক্ষী অভয়াৰণ্য দীপৰ বিলত মাত্র এক দশকৰ ভিতৰতে দুই শতাধিক বিভিন্ন প্রজাতিৰ পক্ষীৰ ভিতৰত মাত্র ৬৬টা প্রজাতিৰহে পক্ষীহে জৰীপত পোৱা বিষয়টোক লৈ সর্বত্র চর্চা চলিছে৷ ৰাজ্য চৰকাৰ, বন বিভাগ, জিলা প্রশাসনৰ নির্লিপ্ততাৰ বাবে অস্বাভাৱিক ধৰণে দীপৰ বিলত পক্ষীৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে৷ যদিহে চৰকাৰে দীপৰ বিলৰ সংৰক্ষণৰ বাবে কোনো পদক্ষেপ গ্রহণ নকৰে, তেন্তে ভৱিষ্যতে দীপৰ বিলৰ জৈৱ–বৈচিত্র্যৰ চিন–মোকাম ইতিহাস হ’ব৷