ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মচাৰীক ক’ভিড টেষ্টৰ আহ্বান ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা,২৯ জুলাই: গুৱাহাটী মহানগৰীৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ স্বত্বাধিকাৰ আৰু কর্মচাৰীসকলক অহা ১ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত আটাইকে ক’ভিড টেষ্ট কৰোৱাৰ আহ্বান জনাইছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ব্যৱসায়ীসকলেই সর্বাধিক ক’ভিডত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিততে স্বাস্থ্য বিভাগে এই পদক্ষেপ গ্রহণ কৰিছে৷ এই সম্পর্কত আজি সন্ধিয়া স্বাস্থ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী মেডিকেল কলেজ হাস্পতাল প্রেক্ষাগৃহত ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ প্রতিনিধিসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকখনত মন্ত্রী ড০ শর্মাই ব্যৱসায়ীসকলক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিবলৈ নির্দেশ দিয়ে৷ মাস্ক পৰিধান নকৰাৰ বাবেই ব্যৱসায়ীসকলৰ মাজত ক’ৰোনাৰ সংক্রমণ অধিক হোৱা বুলি উল্লেখ কৰি মাস্ক পৰিধান নকৰা ক্রেতাৰ সৈতে ব্যৱসায়–বাণিজ্য নকৰিবলৈও তেওঁ নির্দেশ দিয়ে৷
দিল্লী–মুম্বাইত মাস্ক পৰিধান নকৰা লোকক ব্যৱসায়িক প্রতিষ্ঠানে কোনো সামগ্রী নিদিয়ে৷ কিন্তু অসমত সেয়া হৈ উঠা নাই৷ যাৰ বাবে অসমত ব্যৱসায়ীসকল অধিক আক্রান্ত হৈছে৷ অসমত এতিয়ালৈ যিমানসংখ্যক লোক ক’ভিডত আক্রান্ত হৈছে, তাৰে অধিকসংখ্যকেই ব্যৱসায়ৰ সৈতে জড়িত৷ মন্ত্রী ড০ শর্মাই আৰু কয় যে অহা ১ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত গুৱাহাটীৰ ব্যৱসায়ীসকলে ক’ভিড পৰীক্ষা কৰাওক৷ ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকীৰ লগতে প্রতিগৰাকী কর্মচাৰীৰে এশ শতাংশ ক’ভিড টেষ্ট কৰাওক৷ তেতিয়াহে গুৱাহাটীত অহা ১৫–২০ আগষ্টৰ ভিতৰত ক’ভিড ৰোগীৰ সংখ্যা কমি আহিব৷ উক্ত বৈঠকত মন্ত্রী ড০ শর্মাই কোনো ব্যৱসায়িক প্রতিষ্ঠানৰ কর্মচাৰীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰিলেও ব্যৱসায়িক প্রতিষ্ঠানখন কনটেইনমেণ্ট জ’ন ঘোষণা কৰি বন্ধ কৰি দিয়া নহয় বুলিও স্পষ্ট কৰি দিয়ে৷ প্রতিষ্ঠানখনত কর্মৰত সকলো কর্মচাৰী ক’ভিডত আক্রান্ত হ’লেও ব্যৱসায়িক প্রতিষ্ঠানখন বন্ধ কৰি দিয়া নহয়৷
নতুন কর্মচাৰীৰে তেওঁলোকে ব্যৱসায় অব্যাহত ৰাখিব পাৰিব৷ সেয়ে আটাইকে ক’ভিড টেষ্ট কৰিবলৈ তেওঁ আহ্বান জনায়৷ বৈঠকত মন্ত্রী ড০ শর্মাই ব্যৱসায়ীসকলে এই সময়ছোৱাত সন্মুখীন হোৱা সমস্যা সম্পর্কতো মত বিনিময় কৰে৷ আনহাতে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত সম্প্রতি ক’ভিড টেষ্টৰ সংখ্যা বাঢ়িছে যদিও পজিটিভৰ সংখ্যা কমি আহিছে৷ ৰেপিড এণ্টিজেন টেষ্ট আৰম্ভ কৰাৰ ফলত প্রথম দিনাই ৰোগীসকল ধৰা পৰিছে৷ যাৰ বাবে তেওঁলোকে সংক্রমণ আনলৈ বিয়পাব পৰা নাই৷ ইয়াৰ পৰিপ্রেক্ষিততে প্রতিখন ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ বিষয়া–কর্মচাৰীৰ ক’ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি জিএমচিএইচ, এমএমচিএইচৰ অ’পিডিলৈ অহা প্রতিগৰাকী ৰোগীৰ লগতে সচিবালয়লৈ অহা দর্শনার্থীসকলৰো ক’ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷