নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন আত্মসাৎঃ দুলাল বৰাক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ চাকৰি দিয়াৰ প্রলোভনেৰে ধন আত্মসাৎ কৰাৰ অভিযোগত আৰটিআই কর্মী দুলাল বৰাক গ্রেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে৷ বোকাখাত থানাত গোচৰ ৰুজু হৈ থকা এটা গোচৰত তেওঁক গ্রেপ্তাৰ কৰা হৈছিল৷ উল্লেখ্য যে বিগত কেইবাদিনো ধৰি বৰাই তামুলীপথাৰ, মহুৰামুখ অঞ্চলত ফিল্টাৰ বিতৰণ কৰি আহিছে৷ আজি তেনে এক অনুষ্ঠানৰ মাজতে কেইবাজনো যুৱকৰ সৈতে বৰাৰ তর্ক–বিতর্ক হয়৷ প্রাপ্ত তথ্য অনুসৰি এই যুৱককেইজনৰ পৰা চাকৰি দিয়াৰ প্রলোভনেৰে তেওঁ ধন লৈছিল কিন্তু পৰৱর্তী সময়ত আত্মসাৎ কৰে আৰু চাকৰি দিয়াত ব্যর্থ হয়৷ একে সময়তে যুৱককেইজনক অস্ত্র দেখুৱাই ভাবুকি প্রদর্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে দুলাল বৰাৰ বিৰুদ্ধে৷

You might also like