আমচাঙৰ ২নং তালতলাত বন্যহস্তীৰ আক্রমণত মহিলা আহত
নিয়মীয়া বার্তা, ১৫ জুনঃ আমচাং অভয়াৰণ্যৰ পৰা নামি অহা বনৰীয়া হাতীৰ আক্রমণত যোৱানিশা আমচিঙৰ ২নং তালতলাত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়৷ তচুবম আলী (২৮) নামৰ মহিলাগৰাকী সম্প্রতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷
ঘটনাৰ বিৱৰণী অনুসৰি নিশা প্রায় ১১ বজাত আহত মহিলাগৰাকীয়ে পৃথক কোঠাত থকা পতিক আহাৰ দিবলৈ যাওঁতেই ঘৰৰ কাষতে দুটা প্রকাণ্ড হাতী ৰৈ থকা প্রত্যক্ষ কৰে৷ হাতী দুটা প্রত্যক্ষ কৰি মহিলাগৰাকীয়ে দৌৰিবলৈ লওঁতেই এটা হাতীয়ে শুঁৰেৰে টানি আনি ভৰিৰে গচকি ধৰে৷ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত ওচৰ চুবুৰীয়া ওলাই আহি হৈ চৈ কৰিবলৈ লয়৷
বহুসংখ্যক লোকৰ হুলস্থূল তথা জুই আদি দেখুওৱাৰ পিছত মহিলাগৰাকীক তাতে এৰি ঘন হাবিলৈ গতি কৰে হাতী দুটাই৷ লগে লগে স্থানীয় ৰাইজে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যায়৷ জানিব পৰা মতে হাতীৰ গচকত মহিলাগৰাকীৰ এখন হাত আৰু কঁকাল ভাগিছে৷
সম্প্রতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী৷ খাদ্যৰ সন্ধানত প্রায়ে আমচাং অভয়াৰণ্যৰ পৰা বনৰীয়া হাতী নামি আহি উপদ্রৱ চলায় আমচিং অঞ্চলৰ বিভিন্ন প্রান্তত৷