গুৱাহাটী বিশ্ববিদ্যালয়ত ভোকাতুৰ কুকুৰক খাদ্য যোগান
নিয়মীয়া বাৰ্তা, ১৯ মেঃ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে দেশৰ আন আন ৰাজ্যৰ দৰে অসমৰো সকলো পর্যায়ৰ শিক্ষানুষ্ঠান বিগত প্রায় এমাহ ধৰি বন্ধ হৈ আছে৷ তেনেদৰে ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয় বন্ধ হৈ থকাত চৌহদত সম্প্রতি মৰিশালিৰ নীৰৱতা বিৰাজ কৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ইফালে চৌহদত থকা প্রায় কুৰিটামান ছাত্রাৱাস আৰু ছাত্রী নিৱাস বন্ধ হৈ থকাত আৱাসৰ শতাধিক কুকুৰ–মেকুৰী আদিৰ বিলাই বিপত্তি নোহোৱা হৈছে৷ আনকি আৱাস আৰু চৌহদত থকা কেণ্টিন, হোটেল আদি বন্ধ হৈ থকাত ভোকত থাকিব নোৱাৰি জাক জাক কুকুৰ–মেকুৰী ওলাই আহি খাদ্যৰ সন্ধানত চৌহদত যেনিয়ে তেনিয়ে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷
অৱশেষত তেনে ভোকাতুৰ কুকুৰ–মেকুৰী আনকি বান্দৰকো খাদ্য যোগান ধৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ তৰণী ডেকাৰ সহধর্মিণী আৰু এগৰাকী শিক্ষাসেৱী মহিলা হিচাপে পৰিচিত অজন্তা শর্মা ডেকা৷ বিগত ৮ মে’ৰ পৰা অজন্তা শর্মা ডেকাই একমাত্র জীয়ৰী প্রিন্সিক লগত লৈ প্রতিদিনে সন্ধিয়াৰ পূর্বে চৌহদত অর্ধশতাধিক কুকুৰক ভাতকে ধৰি মাংস, বিস্কুট, ৰুটী আদি যোগান ধৰি আহিছে৷ তেনেদৰে মেকুৰী আৰু বান্দৰকো দৈনিক খাদ্য যোগান ধৰি আহিছে মাতৃ আৰু জীয়ৰীয়ে৷ এই সন্দর্ভত অজন্তা শর্মা ডেকাই জানিবলৈ দিয়া মতে, বিশ্ববিদ্যালয় চৌহদত থকা ছাত্রাৱাস আৰু ছাত্রী নিৱাসসমূহত কমেও শতাধিক কুকুৰ আৰু মেকুৰী আছে৷
আৱাসসমূহ খোলা বা চলি থকাৰ সময়ত কুকুৰ–মেকুৰীসমূহৰ্ কোনো ধৰণৰ খাদ্যৰ সংকট হোৱা নাছিল৷ প্রতিটো আৱাসৰ ৰৈ যোৱা খাদ্যৰে তেওঁলোকৰ ভোক নিবাৰণ হৈছিল৷ এক কথাত ক’বলৈ গ’লে আৱাসসমূহ চলি থাকিলে কুকুৰ–মেকুৰীসমূহৰ্ সাধাৰণতে খাদ্যৰ নাটনি নহয়৷ কিন্তু ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে আৱাসসমূহবন্ধ থকাৰ বাবে কুকুৰ–মেকুৰীৰ হোৱা খাদ্যৰ নাটনি কিঞ্চিত হ’লেও জোৰা মৰাৰ বাবে সন্ধিয়াৰ ভাগত এইদৰেই খাদ্য যোগান ধৰা হৈছে৷ আনহাতে, এইক্ষেত্রত স্বামী ড০ তৰণী ডেকাই তেওঁক আৰু জীয়ৰী প্রিন্সিক ঘৰৰ চাৰিচকীয়া বাহনখনেৰে খাদ্য যোগানৰ সময়ত সদায় সহায় কৰি আহিছে৷