নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ গৰু ছিণ্ডিকেটত জড়িত চাৰি গো–মাফিয়াক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ৰাজ্যত অব্যাহত আছে গৰুৰ ছিণ্ডিকেট৷ একাংশ অসাধু আৰক্ষী বিষয়াক মেনেজ কৰি শক্তিশালী গৰু ছিণ্ডিকেট চক্রটোৱে বহিঃৰাজ্যৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা খানাপাৰাৰ নমাইলৰ বজাৰলৈ গৰু সৰবৰাহ কৰি আহিছে৷ খানাপাৰাৰ নমাইলৰ বজাৰত চলি থকা গৰু ছিণ্ডিকেট চক্রটোৰ বিৰুদ্ধে বশিষ্ঠ থানাত ২০১৮ চনত ছেলিম জাভেদ হাজৰিকা নামৰ এজন লোকে এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১৮৮/৪০৬/৩৭৯/৪২০ ধাৰাৰ অধীনত বশিষ্ঠ থানাত ১৫৫৯/২০১৮ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল৷ এই গোচৰটোৰ ভিত্তিত মহানগৰ আৰক্ষী অপৰাধ শাখাই কালি বেলতলা আৰু ক্ষেত্রীত অভিযান চলাই চাৰিটা গো–মাফিয়াক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত গো–মাফিয়াকেইটা ক্রমে হিলালুদ্দিন (৩৫), আব্দুল চালাম (৩৬), মহম্মদ আছাৰুদ্দিন (৩১), মহম্মদ মহিদুল আলী ওৰফে নুনুক আৰক্ষীৰ অপৰাধ শাখাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত গো–মাফিয়াকেইটাক আজি কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে গো–মাফিয়াকেইটাক চাৰি দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ সম্প্রতি গো–মাফিয়াকেইটাক অপৰাধ শাখাই মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত ধৃত গো–মাফিয়াকেইটাই গৰু ছিণ্ডিকেট চক্রৰ সৈতে জড়িত থকা বহু লোকৰ ন ন তথ্য স্বীকাৰ কৰিছে৷ অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত এই তথ্য ৰাজহুৱা কৰা নাই৷

You might also like