এদিনতে ৬০ লক্ষাধিক টকাৰ কৰ সংগ্রহ
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ কৰ আদায় নিদিয়াকৈ ৰাজপথত অবৈধভাৱে চলি থকা যান–বাহনৰ বিৰুদ্ধে আজি মহানগৰীৰ এবিচিত এই অভিযান আৰম্ভ কৰে৷ অভিযানকাৰী দলত আছিল সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস প্রমুখ্যে ভাৰপ্রাপ্ত ডিটিঅ’ এনফ’চমেণ্ট হিমাংশু দাস, পৰিবহণ প্রাধিকাৰী ৰফিকুল ইছলাম, এমভিআই জয়সিং ৰংফাৰকে ধৰি পৰিবহণ বিভাগ আৰু আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া৷ অভিযানকাৰী দলটোৱে ৰাজপথত গাড়ীৰ তালাচী চলাই ২৫খনকৈ ব্যক্তিগত আৰু বাণিজ্যিক বাহন জব্দ কৰাৰ বিপৰীতে বিভাগৰ কার্যালয়ত ৬০ লাখতকৈ অধিক টকাৰ অনাদায় কৰ সংগ্রহ কৰে৷
ইফালে, অভিযানকাৰী দলটোৱে মহানগৰীৰ বিভিন্ন ঠাইৰ শ্রীনাথ বিল্ডার্ছ এণ্ড হাউছিং প্রাইভেট লিমিটেড, এবিচিআই ইনফ্রাষ্ট্রাকচাৰ প্রাইভেট লিমিটেড, অৰুণোদয় টী ইণ্ডাষ্ট্রিজ, ব্রহ্মপুত্র ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ উপৰি ডাঃ মেঘালী দেৱী, সুনীল প্রসাদ চাহু, বিকাশ কুমাৰ ম’ৰ, প্রদীপ কুমাৰ আগৰৱালা আদি সর্বাধিক কৰ অনাদায়ী উদ্যোগ–প্রতিষ্ঠানৰ লগতে ব্যক্তিবিশেষক লগ ধৰি ডিমাণ্ড নটিচ দি অনতিপলমে অনাদায় কৰ পৰিশোধৰ আহ্বান জনায়৷ উল্লেখ্য যে কেৱল গুৱাহাটী মহানগৰীতে অত্যাধুনিক যান–বাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিয়া নাই৷ ইমানৰ পিছতো এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ’ব৷ প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী৷ সেয়ে এতিয়াও যান–বাহনৰ বকেয়া কৰ আদায় নিদিয়াকৈ ৰাজপথত গাডী চলাই থকাৰ লগতে যিবোৰ উদ্যোগ, ব্যৱসায়িক প্রতিষ্ঠানে যান–বাহন ব্যৱহাৰ কৰি ব্যৱসায় চলাই আছে সেই সকলোকে কৰ আদায় দি এগৰাকী দায়িত্বশীল নাগৰিকৰ পৰিচয় দিয়াৰ আহ্বান জনায় পৰিবহণ বিভাগে৷