নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফটাশিলত বন বিভাগৰ উচ্ছেদ অভিযান

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ পৰিৱেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগে বনাঞ্চলত বেদখল উচ্ছেদ অভিযান, উচ্ছেদিত স্থানত গছপুলি ৰোপণকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰা সত্ত্বেও একাংশ লোকে ৰাজ্যৰ আন বনাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কূটকৌশল অৱলম্বন কৰি বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ অৱশ্যে শেহতীয়াভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ সকলো বন সংমণ্ডল প্রাধিকাৰীক নিজ নিজ এলেকাৰ সংৰক্ষিত বনাঞ্চলত বনভূমি বেদখল কৰা বেদখলকাৰীক উচ্ছেদ কৰি তাত পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰিবলৈ নির্দেশ দিছে৷

এই নির্দেশৰ আধাৰত পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্রাধিকাৰী ৰোহিণী বল্লভ শইকীয়াই সংমণ্ডলৰ পাঁচোটা বনাঞ্চলিক বিষয়া কার্যালয়ৰ অন্তর্গত খণ্ড বন বিষয়াসকলক তেওঁলোকৰ অধীনৰ সংৰক্ষিত বনাঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ নির্দেশ জাৰি কৰিছে৷ বন সংমণ্ডল প্রাধিকাৰীৰ নির্দেশত কালি গুৱাহাটী বনাঞ্চলৰ অধীনৰ ফটাশিল খণ্ড বন বিষয়া কার্যালয়ে ফটাশিল সংৰক্ষিত বনাঞ্চলৰ নতুনবস্তিত নতুনকৈ বেদখল কৰি নির্মাণ কৰা ছটা ঘৰ ভাঙি পেলায়৷ খণ্ড বিষয়া প্রাণেশ্বৰ শর্মাৰ নেতৃত্বত যোৱা বনকর্মীৰ দলটোৱে দুদিনমান পূর্বে নির্মাণ কৰা তর্জাৰ ছটা ভাঙি পেলোৱাৰ লগতে ভৱিষ্যতে যাতে পুনৰ বেদখল কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্রহণ কৰে৷

উল্লেখ্য যে বন সংমণ্ডল প্রাধিকাৰীৰ নির্দেশমর্মে গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই দুদিন পূর্বে উচ্ছেদ অভিযান চলাবলৈ ফটাশিলৰ খণ্ড বন বিষয়াক লিখিত নির্দেশ প্রেৰণ কৰিছিল৷ জানিব পৰা মতে, খণ্ড বন বিষয়া হিচাপে ফটাশিলত যোগদান কৰাৰ পাছৰে পৰা প্রাণেশ্বৰ শর্মাই বেদখলকাৰীৰ বিৰুদ্ধে যুদ্ধংদেহি মনোভাব গ্রহণ কৰা পৰিলক্ষিত হৈছে৷

You might also like