নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰি, জটিয়া, ঘোঁৰামাৰা বেলতলাত অভিযানত চুলাইসহ ৯জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্র পৰিদর্শকৰ কার্যালয়ে বিগত সময়ছোৱাত চুলাই মদৰ উপৰি দেশী–বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে৷

আনহাতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নির্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্রই দুদিনত যৌথভাৱে অভিযান চলায়৷ আবকাৰী বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি দুয়োদিনতে উলুবাৰী কছাৰীবস্তি, ফটাশিল আমবাৰী শ্মশান, ভূতনাথ, গণেশগুৰি, জটিয়া, বেলতলা, ঘোঁৰামাৰা, আগষ্টক্রান্তি পথ, বামুণীমৈদাম, পাণ্ডু বজাৰ আদিত চলোৱা অভিযানত প্রায় ৫০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰা হয় ৷

লগতে মহিলাসহ মুঠ ৯জন বিক্রেতাক হাতে–লোটে আটক কৰা হয়৷ আনহাতে অভিযানত ৬জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৪ হাজাৰ টকা সংগ্রহ কৰা হয়৷ তেনেদৰে আটকাধীন আটাইকেইজনকে আজি বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে আটাইকে জে’ললৈ প্রেৰণ কৰে৷

You might also like