গুৱাহাটী মহানগৰীত শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান সমিতি গঠন
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ আদালতৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰে অযোধ্যাত ৰাম-মন্দিৰ নিৰ্মাণৰ বাবে এক ন্যাস গঠন কৰিছে। ৰাম জন্মভূমি তীৰ্থত মন্দিৰ নিৰ্মাণৰ পুঁজি সংগ্ৰহৰ বাবে দেশৰ আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰত শ্ৰীৰাম মন্দিৰ নিধি সমৰ্পণ অভিযান সমিতি গঠন কৰা হৈছে।
গুৱাহাটী মহানগৰৰ সংঘচালক গুৰু প্ৰসাদ মেধি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী কল্যাণৰ প্ৰভাৰী বিজয় দেৱাঙ্গণ, গুৱাহাটী মহানগৰ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ সম্পাদক তথা অভিযান প্ৰমুখ চন্দন ৰাভা, সহঃ অভিযান প্ৰমুখ ৰাজেশ কোডা, উত্তৰ গুৱাহাটী মহানগৰৰ পালক ফণীন্দ্ৰ বুজৰবৰুৱাৰ উপস্থিতত আনুষ্ঠানিক বৈঠক উত্তৰ গুৱাহাটী যোগনিলয়ত সম্পন্ন হয়।
১৯ ডিচেম্বৰৰ সন্ধিয়া এই গুৰুত্বপূৰ্ণ সভাখনত অযোধ্যাৰ শ্ৰীৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে নিধি সংগ্ৰহৰ অভিযানত উত্তৰ গুৱাহাটী, চাংসাৰি, বেজেৰা, আমিনগাঁও, বাইহাটা চাৰিআলিৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰি এক বৃহৎ অৰিহণা যোগাবলৈ সংকল্পবদ্ধ হয়।
বিশ্ব হিন্দু পৰিষদ, গুৱাহাটী মহানগৰ জিলাৰ প্ৰচাৰ সম্পাদকদ্বয় জগদীশ চন্দ্ৰ শৰ্মা আৰু মুকুটেশ্বৰ গোস্বামীয়ে এক প্ৰেছ যোগে জানিবলৈ দিয়া মতে উক্ত সভাত শ্ৰীৰামচন্দ্ৰ মন্দিৰ নিধি সংগ্ৰহ অভিযান গোট নিৰ্মাণ কৰা হয়। এই গোটৰ দায়িত্বত আছে প্ৰমুখ অনিৰ্বাণ গোস্বামী (উত্তৰ গুৱাহাটী নগৰ কাৰ্যবাহ), সহঃ প্ৰমুখ বেদব্ৰত বৰা, দীপাংকৰ শৰ্মা, কাৰ্তিক কলিতা, সদস্যবৃন্দ প্ৰাঞ্জল বৰকটকী, জিন্তু শৰ্মা, মুকুটেশ্বৰ গোস্বামী, মুনীন বেজ আৰু প্ৰভাত কলিতা।
অহা ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা ৩১ তাৰিখৰ ভিতৰত কৰ্মকৰ্তাসকলে ঘৰে ঘৰে গৈ এই পুঁজি সংগ্ৰহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোৰে সহযোগিতা বিনম্ৰভাৱে আহ্বান কৰিব।