নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘…ক’ৰোনা ভেকচিন লৈ যদি কোনোবা ঘঁৰিয়াল হৈ যায়, মহিলা হৈ যায় পুৰুষ, তেন্তে চৰকাৰ দায়ী নহ’ব’

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ক’ৰোনাৰ প্ৰভাৱৰ পিছত এতিয়া বিশ্বত আহিছে ক’ৰোনা ভেকচিন। কিন্তু ক’ৰোনা ভেকচিনক লৈ প্ৰায়ভাগৰে মাজত আছে কিছু সংশয় বা প্ৰশ্ন। ফাইজাৰ-বায়োএনটেক ক’ৰোনা ভেকচিন বজাৰত মেলি দিয়াত সকলোৰে মাজত নানা গুজৱ ওলাবলৈও ধৰিছে। এনে সময়তে ক’ৰোনাত অতিকে আক্ৰান্ত এখন দেশ ব্ৰাজিলতো এই ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যোৱা সপ্তাহৰ পৰা ।

কিন্তু নানা চৰ্চা তথা গল্প-গুজৱৰ মাজতে দেশখনৰ ৰাষ্ট্ৰপতি ব’লছনাৰোৱে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ অলপতে কৰা এটা মন্তব্যৰ বাবে দেশ কি বিশ্বজুৰি চৰ্চিত হ’ব ধৰিছে ৰাষ্ট্ৰপতিগৰাকী। ব’লছনাৰোৱে কৈছিল- ‘ফাইজাৰ-বায়োএনটেকৰ ক’ৰোনা ভেকচিন লোৱাৰ পিছত যদি আপুনি ঘঁৰিয়াল হৈ যায়, তেন্তে এয়া আপোনাৰ নিজা সমস্যা। আৰু যদি কোনো মহিলাই ভেকচিন লোৱাৰ ফলত তেওঁৰ মুখত ডাঢ়ি গজিবলৈ ধৰে বা কণ্ঠ পুৰুষৰ দৰে হয়, তেন্তে তাৰ বাবে আমি দায়ী নহ’ম।’

ক’ৰোনা ভেকচিনৰ প্ৰচলনক লৈ ব্যস্ত থকা ব’লছনাৰোৰ মুখৰ পৰা ওলোৱা এনে আজৱ কথাৰ পিছত ব্ৰাজিলত ৰাষ্ট্ৰপতিগৰাকীক লৈ সৃষ্টি কৰা হৈছে নানা ব্যংগাত্মক পোষ্ট। উল্লেখ্য ৰাষ্ট্ৰপতিগৰাকী নিজেও ক’ৰোনাত আক্ৰান্ত হৈছিল যদিও এই ভেকচিন তেওঁ নলয় বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। কিন্তু ৰাষ্ট্ৰপতিগৰাকীৰ ভেকচিন সন্দৰ্ভত যি স্থিতি, সেয়াই বহুতকে সংশয়ৰ মাজত পেলাইছে।

You might also like