নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত শিয়ালৰ উৎপাতঃ বিমান দুর্ঘটনাৰ শংকা

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত শিয়ালে ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে৷ শিয়ালৰ অবাধ বিচৰণৰ বাবে বিমানৰ উৰণ আৰু অৱতৰণৰ সময়ত দুর্ঘটনাৰ আশংকাৰো উদ্ভৱ হৈছে৷ এনে পৰিস্থিতিত শিয়াল নিয়ন্ত্রণৰ বাবে ৰাজ্যৰ বন বিভাগে বিশেষ অভিযানকাৰী গোট গঠন কৰিবলগীয়া হৈছে৷

অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ৱে শিয়াল ৰুধিবলৈ প্রস্তুত কৰিছে ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ (এছ অ’ পি)৷ এছ অ’ পি অনুসৰি বিমানবন্দৰত প্রৱেশ কৰা শিয়ালক চিনাক্ত আৰু কৰায়ত্ত কৰাৰ পাছত মহানগৰীৰ কোনো বনাঞ্চলত মুকলি কৰি দিয়া হ’ব৷ ইফালে, অভিযানকাৰী দলটোৰ নেতৃত্ব দিয়া বন বিভাগৰ কেন্দ্রীয় অসম চার্কোলৰ মুখ্য বন সংৰক্ষক হেমকান্ত তালুকদাৰে কয় যে শিয়ালৰ বাবে এতিয়ালৈকে কোনো দুর্ঘটনা সংঘটিত হোৱা নাই যদিও সম্ভাব্য দুর্ঘটনাৰ প্রতি লক্ষ্য ৰাখি কিছু সাৱধানতামূলক ব্যৱস্থা লোৱা হৈছে৷

এইক্ষেত্রত বন বিভাগক সহায় কৰিব পশু চিকিৎসা বিভাগ, বন্যপ্রাণী বিশেষজ্ঞ আৰু বেচৰকাৰী সংগঠনৰ সদস্যসকলে৷ কিন্তু বন বিভাগৰ সন্মুখত আহি পৰিছে কেতবোৰ সমস্যা৷ বৰঝাৰৰ আন্তর্জাতিক বিমানবন্দৰ ৰাণী আৰু জালুকবাৰী সংৰক্ষিত বনাঞ্চলখনৰ মাজত অৱস্থিত৷ এই বনাঞ্চলত কিমান শিয়াল আছে, বিমানবন্দৰলৈ কিমান শিয়াল আহে, তাৰ তথ্য সংগ্রহ কৰাটো বিভাগটোৰ পক্ষে সম্ভৱপৰ নহয়৷

তদুপৰি বিমানবন্দৰৰ চাৰিসীমাৰ দেৱালৰ কাষে কাষে থকা গাঁতসমূহতো শিয়ালে আশ্রয় লৈ থাকে৷ এনে পৰিস্থিতিত দেৱাল ভাঙি শিয়ালৰ আশ্রয়স্থল বিচাৰি উলিওৱাটোও সম্ভৱ নহয়৷ সেইবাবে সৌৰশক্তিচালিত ফেন্সিং বিমানবন্দৰৰ চাৰিওফালে দিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ কিন্তু সদ্যহতে ১.৪০ মিটাৰ দৈর্ঘ্য আৰু ০.৬০ মিটাৰ প্রস্থৰ বিশেষ সজা প্রস্তুত কৰা হ’ব৷ বিমানবন্দৰৰ ভিতৰচ’ৰাত নির্দিষ্ট স্থানত সজাসমূহ ৰখা হ’ব৷ এটা শিয়াল তাত বন্দী হ’লেই ততালিকে দূৰৈৰ স্থানলৈ নি তাক এৰি দিয়াৰ ব্যৱস্থা কৰা হ’ব৷

You might also like