নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা উদ্যোগ প্রতিষ্ঠানত চলিব অভিযান

অনাদায় ১৩০ কোটি যান–বাহনৰ কৰঃ তৎপৰ পৰিবহণ বিভাগ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ যান–বাহনৰ বকেয়া কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ৷ কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগে যান–বাহনৰ বকেয়া কৰ আদায় দিয়াৰ বাবে ব্যক্তিগত আৰু ব্যৱসায়িক যান–বাহনৰ গৰাকীক পূর্বৰে পৰা আহ্বান জনাই অহাৰ পিছতো এইক্ষেত্রত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই৷ সেয়েহে বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে কাইলৈৰ পৰা সমগ্র ৰাজ্যকে ধৰি গুৱাহাটী মহানগৰীত অধিক তৎপৰ হ’ব পৰিবহণ বিভাগ৷ অপাৰেচন ছাৰখাৰ অভিযানৰ অংশ হিচাপে কৰ আদায়ৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে কাইলৈৰ পৰা মহানগৰীৰ ৰাজপথৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান আৰু ঘৰে ঘৰে অভিযান চলোৱাৰ পদক্ষেপ গ্রহণ কৰিছে৷

উল্লেখ্য যে ৰাজ্যৰ পৰিবহণ বিভাগে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্রহণ কৰি যান–বাহনৰ গৰাকীসকলক সময়মতে যান–বাহনৰ কৰ পৰিশোধ কৰিবলৈ আহ্বান জনাই আহিছে৷ কিন্তু ইমানৰ পিছতো কৰ আদায় নিদিয়াকৈ ৰাজপথত বহু যান–বাহন চলি থকাৰ কথা পোহৰলৈ অহাত বিভাগৰ এটা উচ্চপদস্থ বিষয়াৰ দলে কাইলৈ পুৱা মহানগৰীত কৰ অনাদায় বাহনৰ বিৰুদ্ধে আগন্তুক ৩১ মার্চলৈকে সদলবলে এক অভিযান আৰম্ভ কৰিব৷ পথ পৰিবহণ মন্ত্রালয়ে যান–বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ ৭বাৰকৈ সময়সীমা দিয়াৰ পিছতো যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যায় যদিও এতিয়াও কিন্তু গুৱাহাটী মহানগৰীত অত্যাধুনিক যান–বাহনৰ গৰাকীয়ে ৩০ কোটিতকৈ অধিক বকেয়া কৰ আদায় দিবলৈ থকাৰ বিপৰীতে ব্যৱসায়িক যান–বাহনে ১০০ কোটিতকৈ অধিক কৰ আদায় নিদিয়াকৈ ব্যৱসায় চলাই আছে৷ সেয়ে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কার্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত, ৰাজহুৱা তথা ব্যৱসায়িক সকলো যান–বাহনৰ পৰা আগন্তুক মার্চ মাহৰ ভিতৰত ১০০ কোটিৰ অনাদায় ৰাজহ সংগ্রহৰ লক্ষ্যৰে এক জোৰদাৰ অভিযান চলাব৷

You might also like