নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নিগমৰ অৱহেলাত আৱর্জনাৰে ভৰিছে ৰাজপথ

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্রশাসন, পৌৰ নিগমৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই স্বচ্ছ ভাৰত অভিযান প্রহসনত পৰিণত হৈছে৷ পৌৰ নিগম কর্তৃপক্ষৰ প্রশাসনিক দুর্বলতাৰ বাবেই একাংশ অসচেতন লোকে মহানগৰীৰ ৰাজপথত জাবৰ পেলাই কদর্যময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ কোনোধৰণৰ সামাজিক দায়বদ্ধতা নথকা একাংশ লোকৰ কু–কার্যৰ বাবে এতিয়া কদর্য হৈ পৰিছে মহানগৰীৰ বিভিন্ন স্থান৷ চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে ঘৰৰ পৰা জাবৰ উঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন স্থানত ডাষ্টবিন স্থাপন কৰিছে যদিও কাণসাৰ নাই একাংশ লোকৰ৷ যাৰ বাবে জধে–মধে মহানগৰীৰ ৰাজপথত জাবৰ পেলাই আহিছে কোনো দায়বদ্ধতা নথকা এইসকল লোকে৷ পৌৰ নিগম কর্তৃপক্ষই পথৰ কাষত জাবৰ–জোঁথৰ পেলালে ৫০০ টকা জৰিমনা বিহাৰ নির্দেশ জাৰি কৰিছিল৷ ইয়াৰ উপৰি অভিযোগ দিয়াৰ বাবে কেইবাটাও ফোন নম্বৰ দিছিল৷

পৌৰ নিগম কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এতিয়া এই নির্দেশ ফুটুকাৰ ফেনত পৰিণত হ’ল৷ যাৰ পৰিণতিত গুৱাহাটী মহানগৰীত জাবৰ পেলোৱাক কেন্দ্র কৰি ছুৰিকাঘাতৰ দৰে ঘটনা সংঘটিত হৈছে৷ বিশেষকৈ মহানগৰীৰ ভঙাগড়, হাতীগাঁৱৰ লখিমী পথ, কাহিলিপাৰা পথ, জু–ৰোডকে ধৰি বিভিন্ন স্থানত এতিয়া সহজলভ্য হৈ পৰিছে এনেবোৰ দৃশ্য৷ ৰাজপথ, উপ–পথ সকলোতে য’তে–ত’তে জাবৰ পেলাই এইসকল লোকে কদর্য কৰি তুলিছে মহানগৰীখন৷ ৰাজপথক পৈতৃক সম্পত্তিৰ দৰে ভবা এই লোকসকলৰ কু–কার্যৰ বাবে এতিয়া লজ্জিত হ’বলগীয়া হৈছে আন সচেতন লোকসকল৷ এই ক্ষেত্রত জৰিমনাকে ধৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে সমাজ সচেতন মহানগৰবাসীয়ে৷

You might also like