নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুক্মিণীগাঁৱত তিনিজাঁই সক্রিয় গুলী উদ্ধাৰ: এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ মাজতেই মহানগৰীৰ দিছপুৰ থানাৰ অন্তর্গত ৰুক্মিণীগাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ দিছপুৰ আৰক্ষীয়ে অভিযান চলাই ৰুক্মিণীগাঁৱৰ পাটকাই পথৰ পৰা পৰিত্যক্ত অৱস্থাত তিনিজাঁই সক্রিয় গুলী উদ্ধাৰ কৰাৰ লগতে শিৱসাগৰৰ বিকী গগৈ নামৰ এজন যুৱকক গ্রেপ্তাৰ কৰে৷

আৰক্ষী সূত্রে জানিব পৰা মতে কালি বিয়লি লকডাউন উলংঘা কৰি পথৰ দাঁতিত এখন স্কুটীৰ ওপৰত বহি কেইবাজনো যুৱকে সুৰাপান কৰি আছিল৷ স্থানীয় লোকে ঘটনা সন্দর্ভত আৰক্ষীক খবৰ দিয়াত দিছপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীৰ আগমনৰ উমান পাই যুৱককেইজনে পলাই পত্রং দিয়ে৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে তিনিজাঁই সক্রিয় গুলী উদ্ধাৰ কৰে যদিও কোনো লোকক আটক কৰিব পৰা নাছিল৷

এই সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত গোচৰ ৰুজু কৰি তদন্ত চলাই বুধবাৰে বিয়লি বিকী গগৈ নামৰ যুৱকজনক গ্রেপ্তাৰ কৰে৷ প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ধৃত যুৱকজনে মহানগৰীত ধন দাবীৰ ঘটনা সংঘটিত কৰাৰ ব্লু প্রিণ্ট ৰচনা কৰা বুলি জানিবলৈ দিছে৷

উল্লেখ্য যে ধৃত যুৱকজনৰ ঘৰ শিৱসাগৰত যদিও তেওঁ গুৱাহাটীৰ ভাৰাঘৰত আশ্রয় লৈ আছে৷ অৱশ্যে তদন্তৰ পিছত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি দিছপুৰ আৰক্ষীয়ে জানিবলৈ দিছে৷ মন কৰিবলগীয়া কথা এই যে লকডাউনৰ সময়ছোৱাত মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷

You might also like