নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিক নলা নিষ্কাশনৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ উলুবাৰীস্থিত বৰঠাকুৰ মিলৰ ৭–৮নং উপ–পথত কৃত্রিম বানৰ বুজ লয় স্থানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ লগতে নলা–নর্দমাসমূহ পৰিষ্কাৰ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক নির্দেশ দিয়ে৷ তাৎক্ষণিকভাৱে দুটা পাম্পেৰে পানী নিষ্কাশন কৰাৰ ব্যৱস্থা গ্রহণ কৰে৷ আনহাতে, মন্ত্রীগৰাকীয়ে বাণিজ্যিক কেন্দ্র ফাঁচীবজাৰত উপস্থিত হৈ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ছাডেন ভিজিট দিয়ে৷

লকডাউনৰ সময়ছোৱাত যাতে স্বাস্থ্য বিভাগে আৰোপ কৰা নীতি–নিয়ম কোনো ব্যৱসায়িক প্রতিষ্ঠানে ভংগ নকৰে, তাৰ বাবেই ব্যৱসায়ীসকলক সতর্ক কৰি দিয়ে৷ ইপিনে, অমৃত ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনে লকডাউনৰ সময়ছোৱাত দৰিদ্র পৰিয়ালৰ কাষত থিয় দিয়ে৷ প্রতিষ্ঠানখনে অতি দৰিদ্র পৰিয়ালৰ মাজত চাউল, দাইল, আটা, আলু, মিঠাতেল বিতৰণ কৰে৷ সামগ্রী বিতৰণ অনুষ্ঠানত মন্ত্রী ভট্টাচার্যই নিজাববীয়াকৈ অমৃত ভাণ্ডাৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানক এই কার্যসূচীৰ বাবে সাহর্য আগবঢ়ায়৷ এই মানৱীয়তাৰ বাবেই অমৃত ভাণ্ডাৰৰ স্বত্বাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰে মন্ত্রী ভট্টাচার্যই৷

You might also like