নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃগাঁথনি উন্নয়ন নকৰাকৈ অত্যধিক ভাৰা বৃদ্ধি

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষৰ অদূৰদর্শিতা আৰু অৱহেলাৰ বাবেই জিএমচিৰ অধীনস্থ ১২খন বজাৰৰ আন্তগাঁথনিৰ উন্নয়ন হোৱা নাই৷ আন্তগাঁথনি উন্নয়ন নকৰাকৈ পৌৰ নিগম কর্তৃপক্ষই ব্যৱসায়ীসকলৰ সৈতে আলোচনা নকৰাকৈ বজাৰসমূহৰ ঘৰভাৰা নির্ধাৰণ কৰাত ক্ষোভ প্রকাশ কৰিছে ব্যৱসায়ীসকলে৷ আজি অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত গুৱাহাটী পৌৰ নিগম বজাৰ কেন্দ্রীয় সমিতিৰ সভাপতি পৱিত্র কুমাৰ শর্মাই পৌৰ নিগমে নির্ধাৰণ কৰা বর্ধিত নিৰিখ কোনো কাৰণতে কর্তৃপক্ষক প্রদান নকৰে বুলি স্পষ্ট কৰি দিয়ে৷ পৌৰ নিগম কর্তৃপক্ষৰ হেমাহিৰ বাবেই বছৰৰ পিছত বছৰ ধৰি পৌৰ নিগমৰ অধীনস্থ ১২খন বজাৰত ব্যৱসায় কৰি অহা ব্যৱসায়ীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ ব্যৱসায় কৰিবলগীয়া হৈছে৷

ব্যৱসায়ীসকলক নূ্যনতম সা–সুবিধা প্রদান নকৰি কেৱল কৰ সংগ্রহৰ বাবেই প্রতি বর্গফুটত ৫ টকাৰ পৰা ৩৫ টকা পর্যন্ত বৃদ্ধি কৰিছে পৌৰ নিগমে৷ ফলত ক’ৰোনাসৃষ্ট পৰিৱেশৰ মাজত নানা সমস্যাৰ সন্মুখীন হৈ ব্যৱসায় কৰি অহা প্রায় ৬ হাজাৰ ব্যৱসায়ীয়ে বর্ধিত নিৰিখ দিয়াৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হৈছে৷ কিন্তু পৌৰ নিগম কর্তৃপক্ষই নতুন নিৰিখত ভাৰা আদায় নিদিয়াৰ অভিযোগত ফাচীবজাৰত দুখনকৈ দোকানত তলা ওলমাই দিছে৷ ইয়াৰ উপৰি পৌৰ নিগমৰ বজাৰসমূহত ব্যৱসায় কৰি অহা ব্যৱসায়ীসকলক ট্রেড লাইচেন্স কর্তনকে ধৰি বিভিন্ন ধৰণৰ ভয়–ভাবুকি প্রদান কৰি আহিছে নিগমৰ বিষয়া–কর্মচাৰীয়ে৷ নতুন নিৰিখত ভাৰা আদায়ৰ বাবে পৌৰ নিগমৰ বিষয়া–কর্মচাৰীয়ে ভয়–ভাবুকিৰে ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি আহিলে ভৱিষ্যতে আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলিও সংবাদ মেলত গুৱাহাটী পৌৰ নিগম কেন্দ্রীয় বজাৰ সমিতিয়ে স্পষ্ট কৰি দিয়ে৷

সংবাদ মেলত পৌৰ নিগম কর্তৃপক্ষই প্রতি তিনি বছৰৰ মূৰে মূৰে ১০ শতাংশ ভাৰা বৃদ্ধি কৰিলে ব্যৱসায়ীসকলৰ কোনো আপত্তি কৰিবলগীয়া নাই বুলিও স্পষ্ট কৰি দিয়ে৷ কিন্তু জিএমচি কর্তৃপক্ষই কোনো পৰিকল্পনা নকৰাকৈ যেতিয়াই মন যায় তেতিয়াই ঘৰভাড়া বৃদ্ধি কৰি ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি অহা কার্য কোনো কাৰণতে মানি নলয় বুলি সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে পৌৰ নিগমে দিছপুৰ ছুপাৰ মার্কেটৰ পূর্বৰ প্রতি বর্গফুটত ৩ টকাৰ পৰিৱর্তে নতুন নিৰিখ ২০ টকা ধার্য কৰিছে৷ একেদৰে গণেশগুৰি বজাৰত পূর্বৰ প্রতি বর্গফুটত ৫ টকাৰ পৰিৱর্তে নতুন নিৰিখ ২০ টকা ধার্য কৰিছে৷ উলুবাৰী বজাৰত পূর্বৰ প্রতি বর্গফুটত ৫ টকাৰ পৰিৱর্তে নতুন নিৰিখ ১০ টকা ধার্য কৰিছে৷ পল্টন বজাৰত পূর্বৰ প্রতি বর্গফুটত ৪ টকাৰ পৰিৱর্তে নতুন নিৰিখ ২০ টকা ধার্য কৰিছে৷ ফাচীবজাৰত পূর্বৰ প্রতি বর্গফুটত ১০ টকাৰ পৰিৱর্তে নতুন নিৰিখ ৩৮ টকা ধার্য কৰিছে৷ উজানবজাৰত পূর্বৰ প্রতি বর্গফুটত ৩.৫০ টকাৰ পৰিৱর্তে নতুন নিৰিখ ১২ টকা ধার্য কৰিছে৷ চানমাৰি উৰণীয়া সেতুৰ তলৰ বজাৰত পূর্বৰ প্রতি বর্গফুটত ৪ টকাৰ পৰিৱর্তে নতুন নিৰিখ ১২ টকা ধার্য কৰিছে৷

ফাচীবজাৰ নিউ মার্কেটত পূর্বৰ প্রতি বর্গফুটত ৩ টকাৰ পৰিৱর্তে নতুন নিৰিখ ৩৮ টকা ধার্য কৰিছে৷ ফটাশিল আমবাৰীত পূর্বৰ প্রতি বর্গফুটত ৩.৫০ টকাৰ পৰিৱর্তে নতুন নিৰিখ ২০ টকা ধার্য কৰিছে৷ চানমাৰি কলনী বজাৰত নতুন নিৰিখ প্রতি বর্গফুটত ১২ টকা ধার্য কৰিছে৷ পৌৰ নিগমৰ অধীনস্থ বজাৰকেইখনৰ আন্তগাঁথনি উন্নয়ন আৰু নূ্যনতম সা–সুবিধা প্রদান নকৰাকৈ এনেধৰণে নতুন নিৰিখ ধার্য কৰা বিষয়টো ব্যৱসায়ীসকলে কোনো কাৰণতে মানি নলয় বুলি সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷ সংবাদ মেলত অৰূপ চৌধুৰীকে ধৰি প্রতিখন বজাৰৰ ৩০গৰাকীৰো অধিক ব্যৱসায়ী উপস্থিত থাকে৷

You might also like