১৯ৰ পৰিৱর্তে ২২ এপ্রিলত হ’ব জিএমচিৰ ভোটগ্রহণ
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ বিভিন্ন ৰাজনৈতিক দল–সামাজিক সংগঠনে উত্থাপন কৰা দাবী অৱশেষত মানি ল’লে অসম ৰাজ্যিক নির্বাচন আয়োগে৷ ব’হাগ বিহুৰ প্রথম সাত দিনৰ ভিতৰত অনুষ্ঠিত নহয় গুৱাহাটী পৌৰ নিগম (জি এম চি)ৰ নির্বাচন৷ অসম ৰাজ্যিক নির্বাচন আয়োগে আজি পূর্বঘোষিত সূচীৰ সালসলনি ঘটাইছে৷ সেই অনুসৰি পূর্বে ঘোষণা কৰা ১৯ এপ্রিলৰ পৰিৱর্তে ২২ এপ্রিলত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷ একেদৰে ২১ এপ্রিলৰ ঠাইত ভোটগণনাৰ দিন হ’ব ২৪ এপ্রিল৷ উল্লেখ্য যে অসম ৰাজ্যিক নির্বাচন আয়োগে যোৱা ২৩ মার্চত জি এম চিৰ নির্বাচনী সময়সূচী ঘোষণা কৰিছিল৷ এই ঘোষণাৰ পাছতেই তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ ইয়াৰ মূলতে ব’হাগ বিহুৰ প্রথম সাত দিনৰ ভিতৰত ভোটগ্রহণৰ দিন স্থিৰ কৰা৷ আনকি ৰাজনৈতিক দল আৰু একাংশ সামাজিক সংগঠনে নির্বাচনৰ দিন পিছুৱাবলৈ অসম ৰাজ্যিক নির্বাচন আয়োগলৈ আনুষ্ঠানিকভাৱে পত্রও প্রেৰণ কৰিছিল৷ ইয়াৰ পাছতে অসম ৰাজ্যিক নির্বাচন আয়োগে আজি বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিক আমন্ত্রণ কৰি এক বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকত হোৱা সহমতৰ ভিত্তিতেই অসম ৰাজ্যিক নির্বাচন আয়োগে ব’হাগ বিহু উদ্যাপনৰ প্রতি লক্ষ্য ৰাখি জি এম চিৰ নির্বাচনৰ দিন পিছুওৱাৰ সিদ্ধান্ত লয়৷