GMCHত উত্তৰ-পূবৰ প্ৰথমখন স্বতন্ত্ৰ ক’ভিড হাস্পতাল মুকলি
নিয়মীয়া বাৰ্তা, ২৯ মেঃ আজি GMCHত মুকলি কৰা হয় উত্তৰ-পূবৰ প্ৰথমখন স্বয়ংক্ৰিয় ক’ভিড হাস্পতাল। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে হাস্পতালখন। প্ৰায় ১৫০কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হাস্পতালখনত থাকিব ৬টা ছুপাৰস্পেছিয়েলিটী বিভাগ।
কানাডাৰ পৰা অনা UV ৰশ্মিৰ সংযোগৰে সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰা হ’ব। UV ৰশ্মিয়ে প্ৰায় ৯৯ শতাংশ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। ২০০খন বিচনাযুক্ত এই হাস্পতালখনত আছে ৬০খন ICU হাস্পতালখন উদ্বোধন কৰি সংবাদমাধ্যমৰ আগত এই মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।অসমত ক’ভিডৰ ৩য় পৰ্যায় হ’লেও সংক্ৰমণৰে মোকাবিলা কৰিবলৈ সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ।