নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCHত পর্যাপ্ত পৰিমাণে আছে PPE কিট চিকিৎসা সামগ্রী

নিয়মীয়া বার্তা, ১১ মেঃ ৰাজ্যত কর্মৰত চিকিৎসকসকলে পর্যাপ্ত সুৰক্ষামূলক চিকিৎসা সঁজুলি লাভ নকৰা বুলি একাংশ সংবাদ মাধ্যমত চলা অপপ্রচাৰ পোনছাতে নস্যাৎ কৰিছে ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা চিকিৎসক ডাঃ লিথিকেশ ডি এছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্রজন চিকিৎসালয়খনত ক’ভিড স্ক্রীনিঙৰ দায়িত্বত আছিল৷ পৰৱর্তী সময়ত শৰীৰত ক’ভিড–১৯ ভাইৰাছ সংক্রমিত হোৱাটো স্বাস্থ্য পৰীক্ষাত ওলাই পৰে৷ এনেদৰে আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্রী ডাঃ দীপা ডেকাও ক’ৰোনাত আক্রান্ত হয়৷

ডাঃ দীপা ডেকা জিএমচিএইচৰ ট্রায়েজ এৰিয়াত কর্মৰত আছিল৷ তাৰ পিছৰে পৰা বিভিন্ন সংবাদ মাধ্যমত প্রচাৰ চলে যে চিকিৎসকসকলে পিপিই কিট পৰিধান কৰা নাছিল আৰু চিকিৎসাকর্মীসকলেও পর্যাপ্ত সঁজুলি লাভ কৰা নাই৷ এনেধৰণৰ অপপ্রচাৰ নস্যাৎ কৰি ক’ৰোনাৰ দ্বাৰা সংক্রমিত চিকিৎসক ডাঃ লিথিকেশে ‘নিউজ লাইভ’ৰে হোৱা এক টেলিফোনিক বার্তালাপত কয় যে এনেধৰণৰ প্রচাৰসমূহ সঁচা নহয়৷ জিএমচিএইচৰ চিকিৎসকসকলৰ বাবে পর্যাপ্ত সুৰক্ষামূলক চিকিৎসা সঁজুলি মজুত আছে আৰু স্ক্রীনিঙৰ সময়তো তেওঁলোক সাজু হৈ আছিল৷

চিকিৎসকগৰাকীয়ে লগতে কয় যে চিকিৎসক আক্রান্ত হোৱাটো কোনো অস্বাভাৱিক কথা নহয়৷ কর্ণাটক, মহাৰাষ্ট্র আদি সকলোতে চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মী ক’ৰোনাত আক্রান্ত হৈছে৷ গতিকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাটো কোনো নতুন কথা নহয়৷ ইফালে ডাঃ দীপা ডেকা ক’ভিড–১৯ৰ দ্বাৰা সংক্রমিত হোৱাৰ পিছত তেওঁ বাস কৰা দন্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্রীনিৱাসৰ অন্যান্য আৱাসী তথা ৰন্ধনকর্মীসকলৰো স্বাস্থ্য পৰীক্ষাৰ ফলাফল প্রকাশ পায়৷ মুঠ ৭১গৰাকী লোকৰে স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ ওলাইছে৷ চিকিৎসকগৰাকীৰ লগত কর্তব্যত উপস্থিত থকা ডাঃ দীপা ডেকাৰ দুই সহযোগীৰো ক’ভিড ফলাফল নিগেটিভ ওলাইছে৷

You might also like