গুৱাহাটীৰ চোৰাং বজাৰত ৰাজহুৱা বিতৰণৰ কেৰাচিন
খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অসাধু বিষয়াৰ পৃষ্ঠপোষকতাত দুর্নীতিৰ পোহাৰ
নিয়মীয়া বাৰ্তা ২৪ আগষ্টঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ কেৰাচিনক লৈ গুৱাহাটীত গঢ়ি তুলিছে এখন অবৈধ বজাৰ৷ সেই বজাৰখনৰ হর্তাকর্তা বিধাতা ৰূপত অৱতীর্ণ হৈছে বিভাগটোৰ এগৰাকী উপ–পৰিদর্শক৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এইগৰাকী উপ–পৰিদর্শকৰ ছত্র–ছায়াতে অসাধু ব্যৱসায়ীয়ে গুৱাহাটীত চোৰাং কেৰাচিনৰ এখন বৃহৎ বজাৰ গঢ়ি তোলাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি কামৰূপ (ম) জিলাত বহু বছৰ ধৰি কর্মৰত আবুল কালাম আজাদ নামৰ উপ–পৰিদর্শকগৰাক্ কমিছনৰ অংকত চোৰাং বেপাৰীৰে বুজাবুজি কৰি সুলভ মূল্যৰ কেৰাচিনৰ বজাৰখন চলাই আহিছে৷ বিভিন্ন দুর্নীতিৰ অভিযোগত অভিযুক্ত উপ–পৰিদর্শকগৰাক্ বছৰৰ পিছত বছৰ ধৰি গুৱাহাটীৰ ডিপোসমূহলৈ আবণ্টিত সুলভ মূল্যৰ কেৰেচিনৰ হেৰাফেৰি কৰি আহিছে৷ উপ–পৰিদর্শক আজাদৰ সৈতে বুজাবুজি থকা ডিপোসমূহত বেছিকৈ কেৰাচিন যোগান ধৰি অন্য ডিপোত কমকৈ যোগান ধৰি আহিছে৷ প্রাপ্ত তথ্য অনুসৰি আজাদে পাণ্ডুৰ মেছার্ছ এছ কে অইল ডিপো আৰু দিছপুৰৰ চি এম এছ এণ্ড ছনছ ডিপোত প্রতি মাহত ৬ হাজাৰৰ পৰা ১০ হাজাৰ লিটাৰ কেৰাচিন বেছিকৈ যোগান ধৰি আহিছে৷ এই ডিপো দুটাৰ সৈতে থকা গোপান বুজাবুজিৰ বাবেই দুর্নীতিগ্রস্ত উপ–পৰিদর্শক আজাদে অন্য ডিপোলৈ আবণ্টিত তেল কর্তন কৰি এই ডিপো দুটাত যোগান ধৰি আহিছে৷ ইয়াৰ উপৰি নীতিবহির্ভূতভাৱে একাংশ সুলভ মূল্যৰ ব্যৱসায়ীক এই ডিপো দুটাৰ পৰা কেৰাচিন সংগ্রহ কৰিবলৈ বাধ্য কৰাইছে৷ কেৱল এয়াই নহয়, ৰেচন কার্ড প্রদানৰ নামতো সুলভ মূল্যৰ ব্যৱসায়ীৰ পৰা ধন সংগ্রহ কৰি আহিছে৷ লকডাউনৰ মাজতে আজাদে কেইবাগৰাকী আলুৰ ব্যৱসায়ীৰ পৰা প্রতিকুইণ্টলত ১০০ টকাকৈ কমিছন লোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ চলিত বর্ষৰ জানুৱাৰী মাহত কেৰাচিন আবণ্টনৰ নামত আজাদে সংঘটিত কৰি অহা দুর্নীতি পোহৰলৈ অহাত যোগান বিভাগে এক তদন্তও ঘোষণা কৰিছিল৷ কিন্তু তদন্তৰ প্রতিবেদনহে আজিলৈকে ৰাজহুৱা নহ’ল৷ প্রভাৱশালী ৰাজনৈতিক নেতা–মন্ত্রী বিধায়কৰে সু–সম্পর্ক ৰক্ষা কৰি অহা আজাদে শেহতীয়াকৈ পুনৰ বিভাগীয় পদোন্নতি আৰু বদলিকৰণৰ কাম–কাজৰ নামতো ৮৮গৰাকী উপ–পৰিদর্শকৰ পৰা ৫ হাজাৰ টকাকৈ সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বিভাগটোত উঠিৰজা, বহিৰজা হোৱা উপ–পৰিদর্শক আবুল কালাম আজাদে যোগানমন্ত্রীৰ সৰলতাৰ সুযোগ লৈ বিভাগটোত সংঘটিত কৰি অহা দুর্নীতি আৰু চোৰাং কেৰাচিনৰ বজাৰখন বন্ধ কৰাৰ বাবে বিভাগীয় তদন্ত হ’বনে সেয়া সময়তহে লক্ষণীয় হ’ব৷