নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ অলিয়ে–গলিয়ে জুৱাৰ আড্ডা

নিয়মীয়া বার্তা, ১১ নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলীৰ গইনা লৈ মহানগৰীত সক্রিয় হৈ পৰিছে জুৱাৰী চক্র৷ একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি জুৱাৰী চক্রই মহানগৰীৰ অলিয়ে–গলিয়ে জুৱা চলাই আহিছে৷ দীপাৱলীৰ প্রাক্মুহূর্তত বহিঃৰাজ্যৰ পৰা গুৱাহাটী মহানগৰীলৈ অহা জুৱাৰী চক্রৰ একাংশ স্থানীয় লোকৰ সহযোগত ঝাণ্ডি–মুণ্ডাকে ধৰি লুডু গুটি আৰু তিনিপট্টিৰ লাখ লাখ টকাৰ জুৱা চলাই আহিছে যদিও এইক্ষেত্রত আৰক্ষী প্রশাসনে মৌনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ গড়চুক, পামহী, আহোমগাঁও, বেহাৰবাৰী, সেউজ নগৰ, লালমাটি, ঘোঁৰামৰা, বশিষ্ঠ, লতাকটা, বৰপথাৰ, গণেশনগৰ, পিলিংকাটা, খানাপাৰা, সাতগাঁও, পাঞ্জাবাৰী, বাঘৰবড়ি, নুনমাটি, বামুণীমৈদাম ৰে’লৱে কলনী, নাৰেংগী আদি অঞ্চলত জুৱাৰী চক্রই নিতৌ সন্ধিয়া লাখ লাখ টকাৰ জুৱা চলাই আহিছে৷

দীপাৱলীৰ প্রাক্মুহূর্তত মহানগৰীৰ অলিয়ে–গলিয়ে চলি থকা জুৱাৰী চক্রক উৎখাত কৰিবলৈ মহানগৰ আৰক্ষীৰ শীর্ষ মহলে ইতিমধ্যে সংশ্লিষ্ট থানাসমূহক নির্দেশ দিয়াৰ লগে লগেই আৰক্ষী প্রশাসন জুৱাৰী চক্রৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে৷ সাতগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই বতাহঘুলিত কেইবাটাও জুৱাৰী চক্র উৎখাত কৰাৰ লগতে তিনিটা জুৱাৰীক হাতে–লোটে কৰায়ত্ত কৰে৷ ধৃত জুৱাৰীকেইটা ক্রমে বাবুজী বর্মন (৩২), আব্দুৰ ৰহমান (৩৭), জ্যোতিষ দাস (৩২) বুলি জানিব পৰা গৈছে৷

আৰক্ষী সূত্রই জনোৱা মতে ধৃত জুৱাৰীকেইটাই দীপাৱলীৰ গইনা লৈ বতাহঘুলি অঞ্চলত বিগত প্রায় এমাহ আগৰ পৰা লাখ লাখ টকাৰ জুৱা চলাই আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি মঙলবাৰে নিশা বতাহঘুলি অঞ্চলত অভিযান চলাই কেইবাটাও জুৱাৰী চক্র উৎখাত কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ধৃত জুৱাৰীকেইটাৰ পৰা নগদ ৪,০৩০ টকা উদ্ধাৰ কৰাৰ লগতে বহু জুৱাৰ সামগ্রী জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আজি জুৱাৰীকেইটাক আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে জুৱাৰীকেইটাক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ উল্লেখ্য যে ইতিপূর্বে গড়চুক আৰক্ষীয়ে আহোমগাঁৱৰ পৰা অলপতে দুটা জুৱাৰী আৰু হাতীগাঁও আৰক্ষীয়ে হাতীগাঁও অঞ্চলৰ পৰা তিনিটা জুৱাৰীক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like