নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিলিংকাটাত মহিলাক হানি–খুঁচি নৃশংস হত্যাঃ শীঘ্রে জালত পৰিব হত্যাকাৰী

নিয়মীয়া বার্তা, ১১ নৱেম্বৰঃ মহানগৰীৰ বশিষ্ঠৰ পিলিংকাটাত এগৰাকী মহিলাক হানি–খুঁচি নৃশংসভাৱে হত্যা কৰি শৌচাগাৰত মৃতদেহ পেলাই থৈ যোৱা ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ প্রাথমিক তদন্তত আৰক্ষীয়ে হত্যাকাণ্ড সন্দর্ভত ৰহস্যৰ গোন্ধ পাইছে৷ নিজ বাসগৃহতে মহিলাগৰাকীক দুর্বৃত্তই পৰিকল্পিতভাৱে হানি–খুঁচি হত্যা কৰা বুলি মহানগৰ আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰাৰ লগতে এই সন্দর্ভত তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে৷

ইতিমধ্যে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লগতে আন কেইবাজনো লোকক আৰক্ষীয়ে সোধা–পোছা কৰিছে যদিও এই সন্দর্ভত কোনো লোকক আজিলৈকে আটক কৰা নাই৷ ঘটনা সন্দর্ভত কামৰূপ মহানগৰ জিলা যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি দুর্বৃত্তই পৰিকল্পিতভাৱে নিজ বাসগৃহত ৰীণা দাস নামৰ ৬২ বছৰ বয়সীয়া মহিলাগৰাকীক হত্যা কৰি শৌচাগাৰত মৃতদেহ পেলাই থৈ যায়৷

অৱশ্যে মহিলাগৰাকীৰ বাসগৃহৰ পৰা দুর্বৃত্তই কোনো সামগ্রী লুট কৰা নাই৷ মহিলাগৰাকীৰ ম’বাইল ফোন আৰু আলমাৰীৰ চাবি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ শীঘ্রে হত্যাকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলিও আৰক্ষীৰ এক সূত্রই জানিবলৈ দিছে৷ উল্লেখ্য যে দুর্বৃত্তৰ নৃশংস হত্যাৰ বলি ৰীণা দাস নামৰ মহিলাগৰাকীয়ে পিলিংকাটাৰ বাসগৃহত পুত্র–বোৱাৰীৰ সৈতে বাস কৰিছিল৷

অৱশ্যে ক’ৰোনা মহামাৰীৰ বাবে বোৱাৰীয়ে ভূমি মহলাত বাস কৰিছিল আৰু শাহু ৰীণা দাসে তিনিমহলীয়া অট্টালিকাৰ প্রথম মহলাত অকলশৰীয়াভাৱে বাস কৰিছিল৷ মহিলাগৰাকীৰ বাসগৃহত চিচি টিভি কেমেৰা সংলগ্ণ আছিল যদিও শেহতীয়াকৈ চিচি টিভি কেমেৰা বিকল হৈ আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷ ইপিনে, মহিলাগৰাকীৰ বৰপুত্র অভিনন্দ দাস কর্মসূত্রে সোণাপুৰ আৰু কনিষ্ঠ পুত্র স্বোগতম দাস কর্মসূত্রে উত্তৰাখণ্ডত বসবাস কৰি আছিল৷ আৰক্ষীয়ে আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালৰ লোকক চমজাই দিয়াত পৰিয়ালৰ লোকে মৃতদেহটো সন্ধিয়া প্রায় ৬ বজাত বশিষ্ঠৰ স্থানীয় শ্মশানত অন্তিম সৎকাৰ কৰে৷

এই ঘটনাক কেন্দ্র কৰি সমগ্র বশিষ্ঠ অঞ্চলত শোকৰ ছাঁ পৰিছে৷ স্থানীয় লোকে ঘটনা সন্দর্ভত তদন্ত কৰি দোষীক শীঘ্রে কৰায়ত্ত কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি ভুগিবলৈ আৰক্ষী প্রশাসনক আহ্বান জনাইছে৷

You might also like