নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অ’চাম ফেচ অৱ নৰ্থ-ইষ্ট সম্পন্ন

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মডেলৰ অংশগ্ৰহণেৰে গুৱাহাটীৰ শিল্পগ্ৰামত অলপতে অনুষ্ঠিত হৈ যায় ‘অ’চাম ফেচ অৱ্ নৰ্থ-ইষ্ট ২০২০’ শীৰ্ষক ফেশ্বন প্ৰতিযোগিতা গ্ৰেণ্ড ফিনালে। প্ৰতিযোগিতাখন আয়োজন কৰে আকৃতি ইভেণ্টছ প্ৰাইভেট লিমিটেডে।

প্ৰতিযোগিতাৰ মিছ কেটেগৰীৰ খিতাপ দখল কৰে হুমিৰা ভাটে। আনহাতে প্ৰথম ৰানাৰ্ছ আপ হিচাপে বিবেচিত হয় গিৰিজা।

মিষ্টাৰ কেটেগৰীত জয়ী হয় অনিকেত বিশ্ব। প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ দখল কৰে ক্ৰমে দেৱৰাজ কাশ্যপ আৰু এন্ড্ৰিউ লিংডোৱে।

শিশুৰ (ল’ৰা) শাখাত বিজয়ী হয় অফুৰন্ত কৌশিক কলিতা। একেটা শাখাত নিখিল ছেত্ৰী আৰু কৃষ বৰাই ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে।

শিশুৰ (ছোৱালী) শাখাত জয়লাভ কৰে পৰিণীতা দাসে। অভিলাষা গগৈ আৰু জেনিছা দাসে লাভ কৰে ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ। অমিত দাস আৰু ছাদিকুৰ ৰহমানৰ নেতৃত্বত এই আকৰ্ষণীয় অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়।

 

বিগত বৰ্ষৰ প্ৰতিযোগিতাৰ বিজয়ী সিদ্ধাৰ্থ প্ৰধান আৰু ছিলছে ডেংগো মাৰাকো অনুষ্ঠানত উপস্থিত থাকে। জনপ্ৰিয় গায়ক আৰোহণ বৰদলৈ, মণ্টুমণি, মুম্বাইত প্ৰতিষ্ঠিত আনায়া ব্ৰহ্মকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই ফেশ্বন প্ৰতিযোগিতাত উপস্থিত থাকে।

You might also like