গুৱাহাটীত ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ আহ্বানক লৈ বিভ্রান্তিত ব্যৱসায়ী
পুৱা ৮ৰ পৰা সন্ধিয়া ৭ বজালৈ ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ আহ্বান গুৱাহাটী ব্যৱসায়ী সন্থাৰ
নিয়মীয়া বার্তা, ১৯ জুনঃ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে কামৰূপ চেম্বাৰ অৱ কমার্চে গুৱাহাটীৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ ক্ষেত্রত সময়সূচী নির্ধাৰণ কৰিছিল৷ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ কামৰূপ চেম্বাৰ অৱ কমার্চৰ অন্তর্গত ব্যৱসায়ীসকলক এই নির্দেশ মানি চলিবলৈ আহ্বান জনাইছিল৷
সংবাদ মাধ্যমত এই বাতৰি প্রকাশ পোৱাৰ পিছতে গুৱাহাটীৰ ব্যৱসায়ীসকলৰ মাজত ব্যৱসায়িক প্রতিষ্ঠান খোলাক লৈ বিভ্রান্তিৰ সৃষ্টি হয়৷ অৱশ্যে কামৰূপ চেম্বাৰ অৱ কমার্চৰ সম্পাদক ভূষণ কুমাৰ জৈনে কামৰূপ চেম্বাৰ অৱ কমার্চৰ অন্তর্গত ব্যৱসায়ীসকলকহে এই নির্দেশ মানি চলিবলৈ আহ্বান জনাইছিল বুলি স্পষ্ট কৰি দিছে৷ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবেই চৰকাৰী নীতি–নির্দেশনা মানি ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলা ৰখাৰ লগতে সামাজিক সংক্রমণ ৰোধৰ ক্ষেত্রত ব্যৱসায়ীসকলেও বিশেষ গুৰুত্ব প্রদান কৰিব লাগিব বুলিও সম্পাদক ভূষণ কুমাৰ জৈনে মন্তব্য কৰিছে৷
মহানগৰীত ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই গুৱাহাটীৰ প্রতিখন ব্যৱসায়িক প্রতিষ্ঠান পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ খোলা ৰাখিবলৈ আহ্বান জনায়৷
গুৱাহাটীত ক’ৰোনাৰ সংক্রমণ যাতে বৃদ্ধি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ১৯ জুনৰ পৰা ৩১ জুন পর্যন্ত সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাই জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাবলৈ ব্যৱসায়ীসকলক আহ্বান জনাইছে৷ লগতে প্রতি দেওবাৰে সকলো ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখিবলৈও সদৌ গুৱাহাটী ব্যৱসায়ী সন্থাৰ সভাপতি কমল ভৰালী আৰু সম্পাদক প্রান্তুষ ৰয়ে আহ্বান জনাইছে৷