হাতীগাঁৱত তীব্রবেগী ডাম্পাৰৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু
সান্ধ্য আইন উলংঘাৰে মহানগৰীত বালিভর্তি ডাম্পাৰৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ নীতি–নির্দেশনা উলংঘা কৰি মহানগৰীত ট্রাক–ডাম্পাৰচালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষী আৰু বন বিভাগৰ অসাধু বিষয়াৰে গোপন বুজাবুজি কৰি সান্ধ্য আইন উলংঘাৰে নিশাৰ ভাগত মহানগৰীৰ ৰাজপথত শ শ বালিভর্তি ডাম্পাৰৰ চলাচল অব্যাহত আছে৷ সান্ধ্য আইন উলংঘা কৰি মহানগৰীৰ ৰাজপথত দৌৰাত্ম্য অব্যাহত ৰখা বালিভর্তি ডাম্পাৰৰ খুন্দাত হাতীগাঁৱত কালি নিশা এজন বাইক আৰোহীৰ কৰুণ মৃত্যু হয়৷ নিশা প্রায় ১০.৪৫ বজাত হাতীগাঁৱৰ এইচ এম হাস্পতালৰ সমীপত সংঘটিত এই ভয়াৱহ পথ দুর্ঘটনাত ৰিবুল বর্মন (৪০) নামৰ লোকজনৰ মৃত্যু হয়৷ এই দুর্ঘটনাটোত চিন্ময় বর্মন (২৮) নামৰ আনজন যুৱক গুৰুতৰভাৱে আহত হৈ সম্প্রতি চিকিৎসাধীন হৈ আছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, হাতীগাঁৱৰ পৰা গণেশগুৰিৰ দিশেৰে এ এছ ০১ ই এইচ ১২৩৬ নম্বৰৰ এফ জেদ বাইকখনেৰে ৰিবুল আৰু চিন্ময় আহি আছিল৷ গণেশগুৰিৰ পৰা লালমাটিৰ দিশেৰে গৈ থকা এ এছ ০১ বি পি ০০৬৬ নম্বৰৰ আই ১০ বাহনখন হাতীগাঁৱৰ এইচ এম হাস্পতালৰ ডালিমী ছুইটছৰ সমীপত ঘূৰাবলৈ লওঁতেই উক্ত দুর্ঘটনাটো সংঘটিত হয়৷ বাইকখনে আই ১০খনত খুন্দা মৰাত বাইকখনৰ পিছফালে বহি থকা ৰিবুল বর্মন নামৰ লোকজন ছিটিকি গৈ বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০১ কে চি ১৬৯৭ নম্বৰৰ ডাম্পাৰখনৰ চকাৰ তলত সোমাই পৰে৷ ঘটনাস্থলীতে ৰিবুল বর্মনৰ মৃত্যু হয়৷ দুর্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ডাম্পাৰচালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ সান্ধ্য আইন উলংঘা কৰি মহানগৰীৰ প্রতিখন থানা আৰু আৰক্ষী চকীৰ সন্মুখেৰে নিশাৰ ভাগত শ শ বালিভর্তি ট্রাক আৰু ডাম্পাৰে চলাচল কৰি আহিছে৷ হাতীগাঁও থানাৰ সন্মুখেৰে প্রতিদিনে ৩০–৪০খন বালিভর্তি ডাম্পাৰ চলাচল কৰি আহিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ আৰক্ষীৰ সৈতে থকা গোপন বুজাবুজিৰ বাবে নিশাৰ ভাগত সান্ধ্য আইন উলংঘা কৰি নির্বিঘ্ণে মহানগৰীৰ ৰাজপথত বালিভর্তি ডাম্পাৰ চলাচল কৰি আহিছে৷ কালি হাতীগাঁৱত তীব্রবেগী ডাম্পাৰৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু হোৱা ঘটনাই আৰক্ষী, বন বিভাগ আৰু বালি ব্যৱসায়ীৰে হোৱা গোপন বুজাবুজিৰ কথাকে প্রমাণিত কৰিলে৷ ইফালে, মহানগৰ আৰক্ষীয়ে কালি নিশা সংঘটিত এই দুর্ঘটনাটোৰ বালি ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বার্থত অন্য ৰূপ দিব বিচাৰিছে বুলিও অভিযোগ উত্থাপন হৈছে৷ সান্ধ্য আইন উলংঘাৰে নিশা মহানগৰীৰ ৰাজপথত চলাচল কৰা বালিভর্তি ডাম্পাৰৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু হোৱা ঘটনাৰ তদন্ত কোনদিশে গতি কৰে, সেয়া সময়তহে লক্ষণীয় হ’ব৷