নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগাঁৱত ভুক্তভোগী মহিলাৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ একাংশ মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰ বিৰুদ্ধে আজি মহানগৰীৰ হাতীগাঁৱত দুই শতাধিক মহিলাই প্রতিবাদ সাব্যস্ত কৰে৷ পদাতিক নাৰী সমাজৰ উদ্যোগত গ্রহণ কৰা প্রতিবাদী কার্যসূচীত বৃহত্তৰ হাতীগাঁও অঞ্চলৰ মহিলাসকলে অংশগ্রহণ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ একাংশ প্রতিবাদকাৰীয়ে অভিযোগ কৰা অনুসৰি লকডাউনৰ পূর্বে হাতীগাঁও অঞ্চলত বহু পৰিয়ালৰ বহু মহিলা সদস্যই বন্ধন, উজ্জীৱন আৰু আৰোহণকে ধৰি অন্যান্য মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰ পৰা ঋণ লয়৷ নির্দিষ্ট সময়ৰ মূৰে মূৰে ঋণ লোৱা মহিলাসকলে বিভাগীয় কর্তৃপক্ষক ইএমআই আদায় দি আহিছিল যদিও লকডাউনৰ বাবে বিগত প্রায় ৭ মাহ ইএমআই আদায় দিব পৰা নাই৷ পৰৱর্তী সময়ত ঋণ লোৱা পৰিয়ালৰ ঘৰে ঘৰে গৈ মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰ কর্মচাৰীয়ে মহিলাসকলক ইএমআই আদায় দিয়াৰ বাবে হেঁচা প্রয়োগ কৰে৷ উল্লেখ্য যে ক’ৰোনা কালত বহু পৰিয়ালৰ উপার্জন বন্ধ হৈ পৰাত সেইসকল লোকে ইএমআই আদায় দিয়াত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ ইপিনে, মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক জুৰুলা কৰিছে৷ সেয়েহে এইক্ষেত্রত ৰাজ্য চৰকাৰক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ আজি মহিলাসকলে এই প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ তদুপৰি, প্রতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰা, ৰাজহুৱা প্রতিষ্ঠান ব্যক্তিগতকৰণ বন্ধ কৰা আৰু লকডাউনত ক্ষতিগ্রস্ত পৰিয়ালক নূ্যনতম ৮ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ দাবী তোলে৷

You might also like