নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটী মহানগৰীত যিকোনো ধৰণৰ খননকার্য চলোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰি থৈছে৷ কিন্তু জিলা প্রশাসনৰ নীতি–নির্দেশনা উলংঘাৰে একাংশ লোকে শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন স্থানত পাহাৰ খনন অব্যাহত ৰাখিছে৷
প্রশাসনৰ নির্দেশনা উলংঘাৰে খাৰঘুলিৰ পাহাৰত অনা অসমীয়া ব্যৱসায়ীয়ে দিনে–নিশাই পাহাৰ খনন অব্যাহত ৰখাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষী আৰু প্রশাসনৰ একাংশ অসাধু বিষয়াক মেনেজ কৰি খাৰঘুলিৰ হেপিভিলাত পাহাৰ খনন কৰি আহিছে৷ এই অসাধু চক্রটোৱে পাহাৰ খনন কৰি খাৰঘুলিস্থিত ন্যায়াধীশৰ চৰকাৰী আৱাসৰ সন্মুখত ব্রহ্মপুত্রৰ পাৰ পুতি আহিছে৷
দিনে–নিশাই পাহাৰ খনন কৰি কেৱল ন্যায়াধীশৰ চৰকাৰী আৱাসৰ ওচৰতেই নহয় খাৰঘুলি উজানবজাৰৰ বিভিন্ন স্থানত প্রতিগাড়ী মাটিত ২০০ টকাকৈ বিক্রী কৰি আহিছে৷ প্রশাসনৰ নির্দেশনা উলংঘাৰে অবৈধ পাহাৰ খনন চলোৱা এই চক্রটোৰ বিৰুদ্ধে জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷