নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনে–নিশাই ৰাণীত চলিছে শিল–বালি–কাঠৰ চোৰাং বেহা

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ বিজেপি মিত্রজোঁটৰ চৰকাৰখনে দুর্নীতিৰ বিৰুদ্ধে গ্রহণ কৰা শূন্য সহনশীল স্থিতিক একাংশ চৰকাৰী বিষয়াই অংগুষ্ঠ প্রদর্শন কৰি আহিছে৷ ইয়াৰে অন্যতম উদাহৰণ হ’ল ৰাণী বনাঞ্চলিক বিষয়াৰ কার্যালয় আৰু ৰাণী আৰক্ষী চকী৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰী নীতি–নির্দেশনা উলংঘাৰে ৰাণীত বনাঞ্চলিক বিষয়া আৰু ৰাণী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়াৰ নেতৃত্বত একাংশ বন মাফিয়াই নিশাৰ ভাগত শিল–বালি আৰু কাঠৰ চোৰাং বেহা অব্যাহত ৰাখিছে৷ অসম–মেঘালয়ৰ সীমামূৰীয়া ৰিভয় জিলাৰ অন্তর্গত ৰাণীৰ সমীপৱর্তী অঞ্চলত ক্রেচাৰ আৰু শিলৰ কোৱেৰী বহুৱাই দীর্ঘদিনে একাংশ প্রভাৱশালী বন মাফিয়াই ব্যৱসায় চলাই আহিছে৷

মেঘালয়ৰ একাংশ চৰকাৰী বিষয়া–কর্মচাৰী, ৰাণী বনাঞ্চলিক বিষয়া, ৰাণী আৰক্ষী চকীৰ বিষয়াক মেনেজ কৰি বিগত দুমাহ ধৰি এই বন মাফিয়াসকলে নিশাৰ ভাগত কৰফাঁকিৰে শিল–বালি আৰু কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছে৷ অভিযোগ অনুসৰি, চাৰি গৰাকীকৈ বন মাফিয়াৰ নেতৃত্বত ৰাণী হৈ শিল–বালি আৰু কাঠৰ চোৰাং বেহা চলি আহিছে৷ মেঘালয় আৰক্ষী, ৰাণী বনাঞ্চলিক বিষয়া আৰু ৰাণী আৰক্ষীক মেনেজ কৰি নিশাৰ ভাগত শ শ ডাম্পাৰেৰে শিল–বালি আৰু কাঠ কঢ়িয়াই আহিছে এইকেইটা কুখ্যাত বন মাফিয়াই৷ ৰাণীৰ মাজেৰে চলি থকা শিল–বালি–কাঠৰ চোৰাং বেহা বন্ধ কৰাৰ বাবে চৰকাৰ আৰু প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like