নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটগাঁও–দীপৰ বিলত বাহনৰ পৰা অবৈধভাৱে ধন সংগ্রহ

শিল–বালি কঢ়িওৱা বাহনৰ চালকক হাৰাশাস্তি আৰক্ষীৰ

নিয়মীয়া বার্তা, ২ ছেপ্টেম্বৰঃ সততে শূন্যসহনশীলতাৰ কথা আওৰোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন গৃহ বিভাগৰ একাংশ আৰক্ষী নামিছে এতিয়া ধনদাবীত৷ মহামাৰী ক’ৰোনাৰ বাবে এক আতংকময় পৰিস্থিতি সম্প্রতি অব্যাহত থকাৰ সময়ত অসম আৰক্ষীয়ে এই সময়ছোৱাত যুদ্ধকালীনভাৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি থকাৰ সময়তেই একাংশ আৰক্ষী জোৱান, হোমগার্ডে এতিয়া নামি পৰিছে অবৈধ ধন সংগ্রহত৷

জানিব পৰা মতে, কিছুদিন পূর্বে গুৱাহাটী আজাৰা থানাৰ অন্তর্গত ৰাণীৰ পাটগাঁৱত এদল আৰক্ষীৰ দলে শিল কঢ়িওৱা বলেৰ’ পিকআপৰ পৰা অবৈধভাৱে ডাবি–ধমকিৰে চালক আৰু হেণ্ডিমেনৰ পৰা ধন সংগ্রহ কৰিছিল আৰু এই দাবী কৰা ধন সংগ্রহৰ সমগ্র দৃশ্য বলেৰ’খনৰ চালকে গোপনে ভিডি’ ৰেকর্ডিং কৰি থোৱাত এতিয়া হাহাকাৰ সৃষ্টি হৈছে আজাৰা আৰক্ষী থানাত৷

কিয়নো দীর্ঘদিনে ভাৰপ্রাপ্ত আৰক্ষী বিষয়া পি চি কলিতাৰ জ্ঞাতার্থেই প্রতিদিনে আৰক্ষীৰ দল এটাই থানাৰ অন্তর্গত পাটগাঁও, পেপছীগেট, দীপৰবিল, মাটিয়া আদি অঞ্চলত নিজৰ দায়িত্ব পালনৰ অজুহাতত উক্ত ৰাস্তাৰে চলা সৰু সৰু কেঁচা শাক–পাচলি, গেলামাল, শিল–বালি কঢ়িওৱা আদি গাডীৰ পৰা বলপূর্বকভাৱে ধন সংগ্রহ কৰি অহাত ভুক্তভোগীবহু লোকে প্রায়েই অতিষ্ঠ হৈ পৰিছে৷

১০০ টকাৰ পৰা ১০০০ টকালৈ এই অবৈধ ধন লোৱাত চৰম হাৰাশাস্তিৰ সন্মুুখীন হৈ আহিছিল বহু লোক৷ ধন নিদিলে যিকোনো অজুহাত দেখুৱাই থানালৈ নি গোচৰ ৰুজু কৰি বিভিন্ন ভয়–শংকা দি আহিছিল উক্ত আজাৰা থানাৰ একাংশ আৰক্ষীয়ে৷ অৱশেষত উপায়হীন হৈ অচিনাক্ত চালকে ধন লোৱা গোপন ভিডি’ ৰেকর্ডিং কৰি সমগ্র দৃশ্য ভাইৰেল কৰে৷ এতিয়া ঊর্ধ্বতন কর্তৃপক্ষই ঘটনা সন্দর্ভত ধন লৈ প্রায়েই সাধাৰণ লোকক হাৰাশাস্তি কৰা আৰক্ষী দলটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like