অবৈধ পাইকাৰী মাছৰ বজাৰে বিনষ্ট কৰিছে ভেটাপাৰাৰ পৰিৱেশ
নিয়মীয়া বাৰ্তা ২২ জুনঃ মহানগৰীৰ ভেটাপাৰা বশিষ্ঠ নৈৰ কাষত থকা পাইকাৰী মাছৰ বজাৰে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা মাছ কঢ়িয়াই অনা যান–বাহনে বাট–পথ কদর্য কৰিছে৷ ফলত স্থানীয় লোকে যাতায়াতৰ ক্ষেত্রত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ তদুপৰি একাংশ মাছ ব্যৱসায়ীয়ে গেলা–পচা মাছৰ লগতে আবর্জনা পেলাই বশিষ্ঠ নৈ ভৰাই পেলাইছে৷ বৃহত্তৰ ভেটাপাৰা জ্যেষ্ঠ নাগৰিক সমিতিয়ে এই অভিযোগ উত্থাপন কৰি গুৱাহাটী পৌৰ নিগমক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনায়৷
সমিতিৰ সভাপতি ভবেন বৰা আৰু সাধাৰণ সম্পাদক সর্বানন্দ দাসে এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ উল্লেখ্য যে ভেটাপাৰাৰ বিষ্ণু ৰাভা পথৰ এই পাইকাৰী মাছৰ বজাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ২০১৮ চনত সমিতিয়ে লিখিতভাৱে জিলা উপায়ুক্তক আবেদন জনাইছিল৷ একেদৰে ২০১৭ চনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রীক অৱগত কৰাইছিল৷ কিন্তু তিনি বছৰ পিছতো জিলা প্রশাসনে এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ সেয়েহে এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ সমিতিয়ে পুনৰ প্রশাসনক দাবী জনায়৷