নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগী–চন্দ্রপুৰ সংযোগী পথৰ দাঁতিত অবৈধ বালিৰ দ’ম

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ নাৰেংগী–চন্দ্রপুৰ পথৰ দাঁতিত একাংশ ব্যৱসায়ীয়ে য’ত–ত’ত বালিৰ দ’ম কৰাৰ ফলত যাতায়াতৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে যান–বাহন আৰু পথচাৰী৷ ইয়াৰ ফলত আনকি দুর্ঘটনাপ্রৱণ হৈ উঠিছে সংশ্লিষ্ট পথটো৷ উল্লেখ্য যে চন্দ্রপুৰ খণ্ড বন কার্যালয়ৰ অধীনৰ এলেকাত বন বিভাগ আৰু জিলা প্রশাসনৰ দ্বাৰা বহুকেইটা ব্রহ্মপুত্রৰ বালিৰ খাদানৰ অনুমতি প্রদান কৰা হৈছে৷ এই খাদানসমূহৰ পৰা ব্যৱসায়ীসকলে চন্দ্রপুৰ, পানীখাইতী আৰু মহানগৰীৰ বিভিন্ন প্রান্তলৈ বালি সৰবৰাহ কৰে৷ কিন্তু যোৱা কিছুদিনৰ পৰা একাংশ ব্যৱসায়ীয়ে বিশেষকৈ পানীখাইতীৰ পৰা চন্দ্রপুৰৰ মাজৰ মূল পথছোৱাৰ দাঁতিত বিভিন্ন স্থানত জধে–মধে বালিৰ দ’ম কৰি থৈছে৷

বহু স্থানত আনকি ঘাইপথৰ প্রায় অর্ধেক অংশপর্যন্ত বালিৰ দ’ম কৰা দেখা গৈছে৷ ইয়াৰ ফলত পথেৰে যান–বাহন চলাচল কৰাৰ ক্ষেত্রত চালকসকল অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিশেষকৈ নিশাৰ ভাগত বাহন চলাচলত অধিক অসুবিধা হোৱাৰ লগতে দুর্ঘটনাৰ আশংকা বৃদ্ধি পাইছে নির্দিষ্ট স্থানকেইটাত৷ একেদৰে পথৰ দাঁতিত বালিৰ দ’মসমূহ থকাত পথচাৰীসকলৰ বাবেও সমস্যা হৈ পৰিছে৷ কিয়নো বহুকেইটা স্থানত পথৰ দাঁতিত বালি জমা কৰি থোৱাত গাড়ী চলাচল কৰাৰ সময়ত পদপথ হিচাপে ঠাই নথকাত খোজকাঢ়ি যোৱাত আহুকাল হোৱাই নহয়, দুর্ঘটনাৰ আশংকাত ভুগিছে অঞ্চলবাসী৷

বালিৰ ধুমুহাৰ ফলত চকু মুদি চলাচল কৰিব লগা হৈছে অঞ্চলবাসীয়ে৷ বিশেষকৈ কণ কণ ল’ৰা–ছোৱালীৰ বহুতে চকু ৰোগত ভুগিব লগা হৈছে৷ আশ্চর্যকৰ কথা যে পথৰ দাঁতিত বিপজ্জনকভাৱে এনেদৰে বালিৰ দ’মসমূহ থকাৰ পিছতো বন বিভাগ আৰু আৰক্ষী প্রশাসনে চকু মুদা কুলিৰ ভাও ধৰি আছে বুলি অভিযোগ উত্থাপন হৈছে৷ এই ক্ষেত্রত শীঘ্রে ব্যৱস্থা গ্রহণৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

You might also like