নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপাল নগৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

লকডাউন উলংঘাৰে মহানগৰীত চিগাৰেট–গুটখাৰ অবৈধ বেহা

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ লকডাউন উলংঘাৰে মহানগৰীৰ বিভিন্ন প্রান্তত দুষ্টচক্রই অবৈধভাৱে নিচাজাতীয় সামগ্রী বিক্রী কৰি আহিছে৷ বিলাতী সুৰাৰ লগতে চিগাৰেট আৰু গুটখাৰ এনে অবৈধ বেহাই মহানগৰীৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ সম্পূর্ণ লকডাউন চলি থকাৰ মাজতে কালি নিশা নুনমাটি আৰক্ষীয়ে অভিযান চলাই ২নং গোপাল নগৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা, চিগাৰেট আৰু গুটখা জব্দ কৰে৷ তদুপৰি আৰক্ষীয়ে অভিযানকালত এএছ–০১ ডিপি–৭৬৪৭ নম্বৰৰ এখন বিলাসী বাহনো জব্দ কৰা বুলি জানিব পৰা গৈছে৷ প্রাপ্ত তথ্য অনুসৰি, নুনমাটিৰ ২নং গোপালনগৰৰ শিৱ পথৰ ১১নং বাসগৃহত অমৃত কলিতা নামৰ লোকজনে দীর্ঘদিন ধৰি অবৈধভাৱে সুৰা আৰু গুটখাৰ লগতে অন্যান্য নিচাজাতীয় সামগ্রী বিক্রী কৰি আহিছে৷ আৰক্ষীয়ে গোপন সূত্রৰ পমখেদি কালি নিশা প্রায় ১০ বজাত বাসগৃহটোত অতর্কিতে অভিযান চলাই সুৰাসহ গুটখা আৰু চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়৷ নুনমাটি সংমণ্ডলৰ এচিপি নীলোৎপল ডেকাৰ নেতৃত্বত চলা অভিযানকালত আৰক্ষীয়ে অভিযুক্ত কলিতাক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে নুনমাটি থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে

You might also like