নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নিৰামিষভোজীৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ গুৱাহাটীৰ হোটেল ৰিতুৰাজত দেওবাৰৰ নিৰামিষভোজী আৰু লক্ষণ নথকা ক’ভিড পজিটিভ ৰোগীৰ বাবে প্রথমটো নিৰামিষভোজী ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি কৰি নিৰামিষভোজী ৰোগীসকলক এই ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হ’ব বুলি উল্লেখ কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ড০ ৰথীন্দ্র ভূঞাই এই ক’ভিড চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে৷ অনুষ্ঠানত হোটেল ৰিতুৰাজৰ স্বত্বাধিকাৰী বসন্ত চুৰাণাকে ধৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া–কর্মচাৰী উপস্থিত থাকে।

You might also like