যোৰাবাটত ২ কোটি টকাৰ ‘য়াবা’ টেবলেট জব্দ
নিয়মীয়া বাৰ্তা ১০ জুলাইঃ অব্যাহত আছে মহানগৰ আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান৷ আজি যোৰাবাটত মহানগৰ আৰক্ষীয়ে জব্দ কৰে প্রায় ২ কোটি টকাৰ নিচাযুক্ত টেবলেট৷ এখন ট্রাকত এই নিষিদ্ধ টেবলেটখিনি গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখে লৈ যোৱা হৈছিল৷ গোপন সূত্রৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে যোৰাবাটত এ এছ–০১ ই চি–৫৪৭৮ নম্বৰৰ ট্রাকখনত তালাচী চলায়৷ তালাচীৰ সময়ত ট্রাকখনৰ বেটাৰী বক্সৰ পৰা জব্দ হয় নিষিদ্ধ ‘য়াবা’ টেবলেটভর্তি পাঁচটা পেকেট৷ জব্দ হোৱা টেবলেটখিনিৰ মূল্য প্রায় ২ কোটি টকা৷ নিচাযুক্ত সামগ্রী সৰবৰাহৰ লগত জড়িত ৩জন ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ত কৰিছে৷
ধৃত সৰবৰাহকাৰীকেইটা হ’ল– জাভেদ খান, চেলিমুদ্দিন আৰু নাজিৰ আহমেদ৷ উল্লেখ্য যে গুৱাহাটী মহানগৰী শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰ কৰিড’ৰত পৰিণত হৈছিল৷ ম্যানমাৰৰ পৰা মিজোৰাম আৰু মণিপুৰ হৈ অসমত প্রৱেশ কৰা ড্রাগ্ছ গুৱাহাটীৰ পৰাই অসমৰ লগতে দেশৰ ভিন্ন প্রান্তলৈ সৰবৰাহ কৰা হয়৷ শুকুৰবাৰে যোৰাবাটত জব্দ হোৱা নিষিদ্ধ ‘য়াবা’ টেবলেটখিনিও মিজোৰামৰ পৰা প্রথমে গুৱাহাটীলৈ অনা হৈছিল৷
প্রতিটো টেবলেট বজাৰত ৫০০ৰ পৰা ১০০০ টকাত বিক্রী কৰা হয়৷ অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখাৰ সময়তো ড্রাগ্ছ মাফিয়াৰ এটা চক্রই গোপনে এই টেবলেটখিনি ৰাজ্যৰ অন্য প্রান্তলৈ সৰবৰাহৰ চেষ্টা চলাইছে৷ কিন্তু আৰক্ষীয়ে গোপন সূত্রৰ তথ্যৰ ভিত্তিত অভিযান চলাই এই চেষ্টা ব্যর্থ কৰে৷ সম্প্রতি যোৰাবাট আৰক্ষী চকীত ধৃত সৰবৰাহকাৰীকেইটাক্ সোধা–পোছা চলাই থকা হৈছে৷ ইয়াৰ পিছত ড্রাগ্ছ সৰবৰাহকাৰীৰ এটা বৃহৎ চক্র আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি মহানগৰ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰিছে৷ ধৃত সৰবৰাহকাৰীকেইটাই গুৱাহাটীৰ ক’ত নিষিদ্ধ ড্রাগ্ছৰ গোপন গুদাম আছে, সেই বিষয়ে বহু বিস্ফোৰক তথ্য অৱগত কৰিছে৷