নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পিং গ্রাউণ্ডঃ চন্দ্রপুৰত বৃহৎ মানৱ শৃংখল

নিয়মীয়া বাৰ্তা ১০ জুলাইঃ যোৱা ২৮ জুনৰ পৰা চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত হোৱা প্রতিবাদে একেৰাহে ত্রয়োদশ দিন অতিক্রম কৰিলে৷ অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক প্রতিবাদ অব্যাহত ৰখাৰ পিছতো আজিলৈ চৰকাৰ–প্রশাসনে প্রতিবাদকাৰীৰ লগত কোনোধৰণৰ আলোচনাত মিলিত হোৱা নাই৷ ইপিনে, প্রতিবাদকাৰীসকলো নাছোৰবান্দা যে সিদ্ধান্ত বাতিল নহয় মানে প্রতিবাদ অব্যাহত ৰাখিব৷ ধাৰাবাহিক প্রতিবাদৰ অংশৰূপে আজি চন্দ্রপুৰত তিনি শতাধিক লোকে চন্দ্রপুৰ–নাৰেংগী ৰাজপথৰ দুয়োকাষে থিয় হৈ মানৱ শৃংখল কার্যসূচীৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে হাতে হাতে প্লে–কার্ড লৈ চৰকাৰবিৰোধী ধ্বনিৰে প্রতিবাদ সাব্যস্ত কৰে৷

এক বিবৃতিৰ জৰিয়তে ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বায়ক নিতুল কলিতাই কয় যে কাইলৈ পুনৰ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই চন্দ্রপুৰৰ গাঁৱে গাঁৱে সজাগতা সভা আহ্বান কৰি ইয়াৰ প্রতিবাদ সাব্যস্ত কৰিব৷ ইপিনে, এক বিবৃতিত চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি নিতুল কলিতা আৰু সাধাৰণ সম্পাদক সৌৰভ দাসে কয় যে অসম চৰকাৰৰ বিদ্যুৎ বিভাগে ৰাজহ বৃদ্ধি হোৱা বুলি এফালে বিজ্ঞাপনৰ জৰিয়তে ঢ়াক–ঢ়োল বজাই আহিছে আৰু আনপিনে বিদ্যুৎ বিভাগৰ অধীনস্থ অসম শক্তি উৎপাদক নিগমৰ অধীনৰ চন্দ্রপুৰ তাপবিদ্যুৎ প্রকল্পৰ ১,০৭৮ বিঘা ভূমি চিৰকালৰ বাবে ধ্বংস কৰাৰ ষডযন্ত্র কৰিছে৷ এপিজিএছএলৰ সম্পত্তি ধ্বংসৰ ষডযন্ত্রত লিপ্ত হৈছে একাংশ বিষয়া–কর্মচাৰী৷ এই ক্ষেত্রত শক্তিমন্ত্রীৰ হস্তক্ষেপ বিচাৰিছে চন্দ্রপুৰবাসী ৰাইজৰ লগতে চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাই৷

You might also like