কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী মূকবধিৰ বিদ্যালয়ৰ সাফল্য
নিয়মীয়া বাৰ্তা ৭ জুনঃ শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে কাহিলিপাৰাস্থিত চৰকাৰী ভাউৰী দেৱী চেৰাউগী মূকবধিৰ বিদ্যালয়৷ প্রতিবছৰৰ দৰে এইবাৰো ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিদ্যালয়খনৰ নাম উজলাইছে মূকবধিৰ শিক্ষার্থীসকলে৷ প্রাপ্ত তথ্য মতে, বিদ্যালয়খনৰ পৰা এইবেলি মুঠ ৩০গৰাকী শিক্ষার্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছিল৷ ইয়াৰে তিনিজনে প্রথম বিভাগত উত্তীর্ণ হোৱাৰ বিপৰীতে ২২জনে দ্বিতীয় বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীর্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে৷ এইবেলি বিদ্যালয়খনৰ পৰা ৮৭ শতাংশ শিক্ষার্থী উত্তীর্ণ হোৱা বুলি বিদ্যালয় পৰিচালনা সমিতিৰ এক সূত্রই জানিবলৈ দিছে৷ উল্লেখ্য যে শনিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মূকবধিৰ বিদ্যালয়খনৰ শিক্ষার্থী বিতোপন নাথে টেক্সটাইল ডিজাইনিং এণ্ড ক্লডিঙত ৰাজ্যৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷ বিদ্যালয়খনৰ পৰা ৰাজ্যৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে বিতোপন নাথলৈ বিদ্যালয় কর্তৃপক্ষই অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি শিক্ষার্থীগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷ ইপিনে, ফলাফল ঘোষিত হোৱাৰ পাছতেই একাংশ লোকে সামাজিক দূৰত্ব বজাই ৰাখি নাথক অভিনন্দন জ্ঞাপন কৰে৷ উল্লেখ্য যে ফাইন আর্ট ৱেভিং টেক্সটাইল ডিজাইনিং, গার্মেণ্ট ডিজাইনিং আৰু উড ক্রাফ্টতো কাহিলিপাৰাস্থিত মূকবধিৰ বিদ্যালয়খনৰ শিক্ষার্থীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷