নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যাত নাহৰফুটুকীৰ মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা ৭ জুনঃ মহানগৰীৰ চৌদিশে ক’ৰোনা ভাইৰাছৰ সংক্রমণক লৈ তীব্র আতংকই বিৰাজ কৰাৰ সময়তে কালি নিশা কামাখ্যাত এটা নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰাক লৈ অঞ্চলটোত আতংকৰ সৃষ্টি হয়৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা প্রকাণ্ড নাহৰফুটুকীটো কামাখ্যা ধামলৈ যোৱা দুর্গা মন্দিৰৰ সমীপৰ পদপথত মুক্ত বিচৰণ কৰে৷ এই দৃশ্য এগৰাকী পথচাৰীয়ে প্রত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰে৷ পাছত স্থানীয় লোক ওলাই অহাত নাহৰফুটুকীটো বনাঞ্চললৈ সোমাই যায়৷ এই লৈ অঞ্চলটোত নিশা আতংকই বিৰাজ কৰে৷ উল্লেখ্য যে প্রায়েই মালিগাঁও অঞ্চলত নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰি আহিছে যদিও বন বিভাগে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like