খাৰঘুলিত দাবী কৰা ধন নিদিয়াৰ বাবে যুৱকক মৰিয়াই হত্যা দুর্বৃত্তৰ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ লতাশিল থানাৰ অন্তর্গত খাৰঘুলিত দীর্ঘদিন ধৰি একাংশ যুৱকে নিশাৰ ভাগত নির্জনতাৰ সুযোগ লৈ বিভিন্ন লোকৰ পৰা ধন দাবীকে ধৰি বিভিন্ন অপৰাধমূলক কার্যকলাপ সংঘটিত কৰি আহিছে৷ লতাশিল আৰক্ষীৰ নিষ্ক্রিয়তাৰ সুযোগ লৈ অপৰাধমূলক কার্য সংঘটিত কৰি অহা দুর্বৃত্তৰ দলৰ আক্রমণত আহত নিজামুদ্দিন আলী নামৰ যুৱকজনৰ চিকিৎসাধীন অৱস্থাত জিএমচিএইচত মৃত্যু হয়৷
নিজামুদ্দিনৰ মৃত্যুৰ পাছতে হত্যাকাৰীক গ্রেপ্তাৰৰ দাবীত খাৰঘুলিত স্থানীয় ৰাইজে প্রতিবাদ সাব্যস্ত কৰে৷ স্থানীয় ৰাইজে হত্যাকাৰীৰ ঘৰ ঘেৰাও কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ১৩ ছেপ্টেম্বৰৰ নিশা প্রায় ১০.৩০ বজাত নিজামুদ্দিন আলীয়ে কামৰ পৰা ঘৰলৈ গৈ থকাৰ সময়তে খাৰঘুলিৰ মালিবাগানত মণি দাস আৰু ৰাজীৱ দাসে আগভেটি ধৰি ধন দাবী কৰে৷ ধন দিবলৈ অপৰাগতা প্রকাশ কৰাত দুয়োৱে নির্মমভাৱে নিজামুদ্দিনক প্রহাৰ কৰি ৰাস্তাত পেলাই থৈ যায়৷
লতাশিল থানাৰ আৰক্ষীয়ে আহত নিজামুদ্দিনক উদ্ধাৰ কৰি এমএমচিএইচত ভর্তি কৰে৷ কিন্তু নিজামুদ্দিনৰ স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰা হয়৷ জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে আজি নিজামুদ্দিনৰ মৃত্যু হয়৷ উল্লেখ্য যে নিজামুদ্দিনক মাৰপিট কৰা ঘটনা সন্দর্ভত বায়েক ৰীণা বেগমে লতাশিল থানাত যোৱা ১৬ ছেপ্ঢেম্বৰত এখন এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত লতাশিল থানাই ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩২৫/৩০৭ ধাৰাৰ অধীনত ২৬৩/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে৷
লতাশিল থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তক বিচাৰি যায় যদিও দুই অভিযুক্তই পলায়ন কৰে৷ ইফালে, স্থানীয় ৰাইজে লতাশিল থানাৰ গাফিলতিৰ বাবেই অভিযুক্তই পলায়ন কৰাৰ সুযোগ পালে বুলি অভিযোগ উত্থাপন কৰিছে৷ ধন দাবী কৰি নিজামুদ্দিনক মৰিয়াই মৰিয়াই হত্যা কৰা ঘটনাৰ লগত ৰূপম দাস নামৰ লোকজনৰো নাম সাঙোৰ খাই পৰিছে৷ মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্তই ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে৷ অভিযুক্ত এতিয়াও পলাতক যদিও শীঘ্রে আৰক্ষীৰ জালত পৰিব বুলি তেওঁ প্রকাশ কৰে৷ এই ঘটনাৰ লগত কোন কোন জড়িত সেয়াও তদন্তৰ পাছতে পোহৰলৈ আহিব৷ যুৱকক মৰিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷