লংকেশ্বৰ পাহাৰত ভয়াৱহ বনজুই; তীব্ৰ আতংক
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ মহানগৰীৰ লংকেশ্বৰ পাহাৰত সোমবাৰে সন্ধিয়া লগা বনজুইয়ে তীব্র আতংকৰ সৃষ্টি কৰে । জানিব পৰা মতে কালি বিয়লি প্ৰাৰ চাৰি বজাত লংকেশ্বৰ দুৰ্গা মন্দিৰৰ কিছু ওপৰত বনাঞ্চলত কোনো লোকে অগ্নিসংযোগ কৰাত জুইৰ সূত্ৰপাত হয় । সন্ধিয়াৰ ভাগলৈ অগ্নিৰ প্ৰকোপ বৃদ্ধি পাই আৰু লংকেশ্বৰ গণেশ মন্দিৰ , দুৰ্গা মন্দিৰৰ সমীপলৈ বনজুইৰ আগ্ৰাসন ঘটে । পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি খানামুখ খণ্ড বন কাৰ্যালয়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে । ইয়াৰ পিছত পাণ্ডু অগ্নি নিৰ্বাপক আৰু মিৰ্জা অগ্নি নিৰ্বাপক সংগঠনৰ চাৰিখন বাহনে নিশা প্ৰায় ৮.৩০ বজাত সাময়িক ভাবে জুই নিৰ্বাপন কৰে । অৱশ্যে এতিয়াও ঠায়ে ঠায়ে পাহাৰত জুই জ্বলি থকা বুলি জানিব পৰা গৈছে ।