নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়–অৰুণাচলৰ পৰা অহা কাঠৰ নামত মহানগৰীত বৃহৎ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণৰ পাছতে ৰাজ্যত চলি থকা শিল–বালি, কাঠ–কয়লাৰ ছিণ্ডিকেট সম্পূর্ণৰূপে বন্ধ কৰাৰ স্থিতি গ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাৰ পদক্ষেপক মুকলিকৈ অংগুষ্ঠ প্রদর্শন কৰিছে বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰীয়ে৷ মুখ্যমন্ত্রীক গুৰুত্বহীন কৰাই নহয়, বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰীয়ে শেহতীয়াকৈ ৰাজহ আদায়ৰ ক্ষেত্রতো আৰম্ভ কৰিছে বৃহৎ জালিয়াতি৷

উল্লেখ্য যে চুবুৰীয়া মেঘালয় আৰু অৰুণাচলৰ পৰা অসমৰ বিভিন্ন জিলালৈ আমদানি হোৱা কাঠক লৈ আৰম্ভ হৈছে এই ছিণ্ডিকেট৷ উত্থাপিত অভিযোগ মতে, বন বিভাগৰ কেইবাজনো শীর্ষ বিষয়া তথা কর্মচাৰীৰ সহযোগত এই ছিণ্ডিকেট চক্র চলাবলৈ ধৰিছে মহানগৰীৰে কেইজনমান বিশেষ যুৱকে৷ মূলতঃ এই ছিণ্ডিকেট গঢ়ি উঠিছে ৰাজধানী দিছপুৰৰ পৰা কিছু নিলগৰ খানাপাৰাত৷ আৰক্ষী প্রশাসন তথা বন বিভাগৰ চকুৰ সন্মুখতে গঢ়ি উঠা এই কাঠৰ ছিণ্ডিকেটৰ জৰিয়তে প্রতিমাহত লক্ষ লক্ষ টকা সংগ্রহ কৰিছে বিভাগটোৰে কেইবাজনো শীর্ষ বিষয়া তথা কর্মচাৰীয়ে৷ ছিণ্ডিকেট চক্রটোৰ সৈতে ইতিমধ্যে গোপন বুজাবুজি হৈছে বন বিভাগৰ বিষয়াৰ লগতে পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াৰ৷ এই চক্রটোৱে বন বিভাগৰ সহযোগত গঢ়ি তোলা ছিণ্ডিকেট চক্রৰ জৰিয়তে অৰুণাচল আৰু মেঘালয়ৰ পৰা প্রতিদিনে যোৰাবাট হৈ নামনি অসমৰ নলবাৰী, বৰপেটা, বাইহাটা আৰু ধুবুৰীকে ধৰি কেইবাখনো জিলালৈ সৰবৰাহ হৈছে বৃহৎ পৰিমাণৰ পাইন আৰু চেগুন কাঠ৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি ছিণ্ডিকেট চলাই থকা এই চক্রটোৱে কাঠৰ গাড়ী ডিমাপুৰ, অৰুণাচল আৰু যোৰাবাটৰ পৰা গুৱাহাটীত প্রৱেশ কৰাৰ বাবদ প্রতিখন বন বিভাগৰ পঞ্জীয়নপ্রাপ্ত কাঠৰ দোকানৰ পৰা দৈনিক ৪০–৫০ হাজাৰ টকা পর্যন্ত আদায় লয়৷ কোনো দোকানীয়ে ছিণ্ডিকেট চক্রটোৰ বিনা অনুমতিত গুৱাহাটীত প্রৱেশ কৰিব নোৱাৰে৷

তথ্য অনুসৰি মহানগৰীৰ ৮খনকৈ পঞ্জীয়নভুক্ত কাঠৰ দোকানত ছিণ্ডিকেট চক্রৰ জৰিয়তে গুৱাহাটীলৈ প্রায় প্রতি দিনে পাইন কাঠ আৰু চেগুন কাঠ লৈ আহে৷ ডি আই, ৭০৯ আৰু ১১০৯ গাড়ীৰে মেঘালয়ৰ বর্ণিহাটৰ পৰা গুৱাহাটীলৈ অহা এই কাঠৰ বাবদ কোনোধৰণৰ চালান বা জি এছ টি নাথাকে৷ কাঠৰ দোকানীয়ে ছিণ্ডিকেট চক্রক দাবী কৰা ধন আদায় দিলে ১০/১২ লাখ টকাৰ কাঠৰ বিপৰীতে বিভাগক আদায় দিব লগা হয় ৩–৪ লাখ টকা মূল্যৰ কৰ৷ ইয়াৰ জৰিয়তে কাঠৰ ব্যৱসায়ীসকলে ৰাজহ লুণ্ঠন কৰাই নহয়, চোৰাংভাৱেও বিভাগৰ পৃষ্ঠপোষকতাত সৰবৰাহ কৰি আছে কাঠ৷ মহানগৰীৰ একাংশ কাঠৰ দোকানে ছিণ্ডিকেট চক্রৰ সহায়তে পাইন কাঠৰ পৰা আৰম্ভ কৰি বার্মা চেগুনলৈ কৰফাঁকিৰে কাঠ সৰবৰাহ কৰি থকাই নহয়, ভুৱা জি এছ টি চালান দেখুৱায়ো সৰবৰাহ কৰি আছে বৃহৎ পৰিমাণৰ চোৰাং কাঠ৷

পৰিতাপৰ বিষয়টো হ’ল যে বন বিভাগৰ শীর্ষ বিষয়াৰ লগতে পাঞ্জাবাৰীস্থিত বিভাগটোৰ মুখ্য কার্যালয় অৰণ্যক ভৱনো এই ছিণ্ডিকেট চক্র সম্পর্কে সম্পূর্ণৰূপে জ্ঞাত যদিও বৃহৎ কমিছনৰ অংকত সকলো সম্পূর্ণ নীৰৱ৷ লক্ষণীয় যে বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ আশিসধন্য এজন বন সংমণ্ডল বিষয়াই সকলো ধৰণৰ ৰক্ষণাবেক্ষণ দি আছে এই ছিণ্ডিকেট চক্রটোক৷ এসময়ত গুৱাহাটীত শীর্ষ বন বিষয়া হিচাপে কার্যনির্বাহ কৰা বিষয়াজনৰ তত্ত্বাৱধানত এই ছিণ্ডিকেট চক্রটোৱে বিশেষ প্রাধান্য লাভ কৰিছে বন বিভাগৰ পৰা৷ বিতর্কিত এইজন বিষয়াৰ হৈ ছিণ্ডিকেট চক্রটোৰ সৈতে অহৰহ যোগাযোগত থাকে যোৰাবাটৰ জনৈক বন বিষয়াই৷ কার্যতঃ এই দুজন ব্যক্তিৰ পৰোক্ষ নির্দেশতেই গুৱাহাটী মহানগৰীত একাংশ কাঠৰ দোকান চলি আছে৷ খোদ গুৱাহাটী মহানগৰীৰ পৰা চলি থকা এনে বৃহৎ ছিণ্ডিকেট চক্রৰ ৰাজহ ফাঁকিৰ পাছতো বনমন্ত্রীৰ নির্বিকাৰ ভূমিকাই সকলোকে স্তম্ভিত কৰি তুলিছে৷

You might also like