নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱশ্ৰেষ্ঠৰ নৃশংসতা!

নিয়মীয়া বাৰ্তা, ৭জুনঃ জীৱশ্ৰেষ্ঠ মানৱৰ পুনৰ নৃশংসতা। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ উন্মাদ লোকে। নাহৰফুটুকীটো হত্যা কৰিয়েই ক্ষান্ত নাথাকি কাটি নিয়ে বাঘটোৰ ছাল, নখ, দাঁত। মহানগৰীৰ কটাহবাৰীৰ অঞ্চলত নিশা খাদ্যৰ সন্ধানত ওলাই অহা বাঘটো পিঞ্জৰাবদ্ধ হৈ পৰিছিল বনবিভাগে পতা পিঞ্জৰাত।

নিশা বন্দী হোৱা বাঘটো নিবলৈ পুৱা বন বিভাগৰ লোক পলমকৈ আহি পোৱাত পিঞ্জৰাৰ পৰা মুকলি হৈ পৰিছিল বাঘটো। তাৰপাছতেই একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে বাঘটো। বাঘটোক হত্যা কৰি সমদলো উলিয়াই আসুৰিক তৃপ্তি পোৱা একাংশ লোকে।

 

You might also like