জেৰাৰ অন্তত গ্ৰেপ্তাৰ জ্যোতিষী লীলামাধৱ শইকীয়াঃ হত্যাৰ অভিযোগ পৰিয়ালৰ
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ দিছপুৰ লাষ্টগেটত বুধবাৰে নিশা ৰহস্যজনকভাৱে এজন জ্যোতিষীৰ বাসগৃহত এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ জ্যোতিষী লীলা মাধৱ শইকীয়াৰ দুর্গা ৰেচিডেঞ্চীত থকা ফ্লেটত তেওঁৰ সৈতে সম্পর্ক থকা যুৱতী পম্পী ঘোষৰ মৃতদেহ উদ্ধাৰ হয়৷
আৰক্ষী সূত্রই জনোৱা মতে, কালি মাজনিশা মুখেৰে ফেন ওলোৱা যুৱতীগৰাকীক গাড়ীত উঠাই জ্যোতিষী লীলা মাধৱ শইকীয়াই খানাপাৰাস্থিত গণেশ মন্দিৰত পূজা–অর্চনা কৰাৰ পিছত মৃতদেহটো হেল্থ চিটী হাস্পতাললৈ লৈ যায়৷ চিকিৎসকে যুৱতীগৰাকীক হাস্পতালত ভর্তি কৰোৱাৰ বিপৰীতে জিএমচিএইচলৈ প্রেৰণ কৰে৷ জিএমচিএইচত প্রাথমিক চিকিৎসাৰ অন্তত যুৱতীগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে৷
ঘটনা সন্দর্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যা বুলি দাবী কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে জ্যোতিষী লীলা মাধৱ শইকীয়াক আটক কৰি সোধা–পোছাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰে। আজি আদালতত হাজিৰ কৰোৱা হ’ব জ্যোতিষী লীলা মাধৱ শইকীয়াক।
উল্লেখ্য যে জ্যোতিষী লীলা মাধৱ শইকীয়াৰ বিবাহ বিচ্ছেদৰ পিছত যুৱতীগৰাকীৰ সৈতে তেওঁৰ প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷ সেই সূত্রে যুৱতীগৰাকীয়ে দীর্ঘদিন ধৰি জ্যোতিষী লীলা মাধৱ শইকীয়াৰ সৈতে তেওঁৰ ফ্লেটত বাস কৰিছিল৷ দুয়োৰে মাজত কিছুদিন ধৰি কোনো কথাক লৈ কাজিয়াৰ সূত্রপাত ঘটাত যুৱতীগৰাকীয়ে কেইবাদিন ধৰি অকলশৰীয়াকৈ বাস কৰিছিল যদিও কালি মাজনিশা সুৰা পান কৰি তেওঁৰ ঘৰলৈ অহা বুলি আৰক্ষীৰ আগত লীলা মাধৱ শইকীয়াই স্বীকাৰোক্তি দিয়ে৷ ফ্লেটটোৰ এটা কোঠাত শুই থকা অৱস্থাত শইকীয়াই যুৱতীগৰাকীক মাত লগাই যদিও কোনো সদুত্তৰ নোপোৱাত কোঠাৰ দুৱাৰ ভাঙি যুৱতীগৰাকীৰ মুখেৰে ফেন ওলাই থকা প্রত্যক্ষ কৰি তেওঁ নিজৰ বাহনেৰে নিশাৰ ভাগতে হেল্থ চিটী হাস্পতাললৈ লৈ যায়৷ কিন্তু হাস্পতাল কর্তৃপক্ষই যুৱতীগৰাকীক হাস্পতালত ভর্তি কৰোৱাৰ বিপৰীতে জিএমচিএইচলৈ প্রেৰণ কৰে৷ জ্যোতিষী লীলা মাধৱ শইকীয়াৰ এই দাবী যুৱতীগৰাকীৰ পৰিয়ালে সহজভাৱে মানি ল’ব পৰা নাই৷ ইয়াৰ বিপৰীতে যুৱতীগৰাকীক লীলা মাধৱ শইকীয়াই পৰিকল্পিতভাৱে হত্যা কৰা বুলি দাবী কৰে৷