নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি খাই ভাল পায় কৰিশ্মা কাপুৰে, জানেনে?

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ বলীউডৰ প্ৰথম পৰিয়ালৰ জীয়ৰী কৰিশ্মা কাপুৰে ১৯৯১ চনত ছবি জগতত প্ৰৱেশ কৰে। তেতিয়াৰে পৰা এতিয়ালৈ নিজৰ সৌন্দৰ্য- ফিটনেছ অটুট ৰাখিব পাৰিছে অভিনেত্ৰীগৰাকীয়ে। বহুদিনৰ পৰা ছবিত দেখা যোৱা নাই কৰিশ্মাক। তাৰ পাছতো জনপ্ৰিয়তা একেই আছে। খাই খুব ভাল পায় কৰিশ্মাই। এই কথা নিজেই জনাই থাকে তেওঁ। একপ্ৰকাৰ ভোজনৰসিক। অলপতে, ইনষ্টাগ্ৰামত অনুৰাগীৰ লগত বাৰ্তালাপ কৰিছিল কৰিশ্মাই। তাতে বহুতে বহু প্ৰশ্ন কৰিছিল। তাৰ মাজতে এজন অনুৰাগীয়ে সুধিছিল-আপোনাৰ প্ৰিয় খাদ্য কি? উত্তৰ আহিছিল এখন ফটোৰে সৈতে। একপ্লেট বিৰিয়ানী খাই থকা ফটোখনৰ সৈতে তেওঁ লিখিছে- বিৰিয়ানী, অলৱেইজ। ভিৰৰ মাজত আন এজনে সুধিছিল- বৰ্তমানে আপুনি বাস্তৱত কি কৰি আছে? নিজৰ ফটো এখনেৰে সেই উত্তৰ দিলে। ফটোত দেখা গৈছে মোহময়ী অভিনেত্ৰীগৰাকীয়ে ড্ৰেছিং ৰূমত বগা বৰণীয়া লেহেংগা সাজ পিন্ধি আইনাৰ সন্মুখত প’জ দিছে। হাতত বাতি ভৰাই আছে নুডলছ। কৰ্মজীৱনত কৰিশ্মাই ব্ৰাউন নামৰ ছবিখনৰ কামত এতিয়া ব্যস্ত।

You might also like