নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কয়লা নাই, বিদ্যুতৰ নাটনিঃ অন্ধকাৰত ডুব যাব দিল্লী, ৰৈ যাব মেট্ৰ’-হাস্পাতালৰ সেৱা

বিশেষ বাৰ্তা, ২৯ এপ্ৰিলঃ আকৌ কয়লা সংকটৰ মুখামুখি হৈছে ৰাজধানী দিল্লী। তাৰ ফলত বিদ্যুৎকেন্দ্রবোৰত ব্যাপক হাৰত কমিব পাৰে উৎপাদন। যাৰ ফলত বিদ্যুৎবিচ্ছিন্ন হোৱাৰ পৰিস্থিতিৰ আশংকা বাঢ়িছে। আনকি, দিল্লীৰ চৰকাৰী হাস্পাতালবোৰ আৰু মেট্র’তো বিদ্যুৎ সেৱা ব্যাহত হ’ব পাৰে। বৃহস্পতিবাৰে এখন চৰকাৰী বৈঠকত এনে আলোচনাই হৈছে। বৈঠক আহ্বান কৰিছিল দিল্লীৰ শক্তিমন্ত্রী সত্যেন্দ্র জৈনে। দাদৰি-২ আৰু উঁচাহাৰ বিদ্যুৎকেন্দ্রত উৎপাদন ঘাটিৰ ফলত ২৪ ঘণ্টা হয়তো বিদ্যুৎ পৰিসেৱা বন্ধ হ’ব পাৰে। শক্তিমন্ত্রী সত্যেন্দ্র জৈনে ক’লে দেশজুৰি কয়লাৰ নাটনি হৈছে। কোনো কোনো ঠাইত এদিনৰ বাবেও পৰ্যাপ্ত কয়লা নাই। তেনেস্থলত দিল্লীত ২১ দিনৰ কয়লা মজুত আছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে গোটেই দেশৰ সমস্যা এয়া। দিল্লীত কেনেবাকৈ নাটনি নোহোৱাকৈ চলাই ৰখা হৈছিল। এই সমস্যা সমাধানৰ বাবে সকলোৱে আগবাঢ়ি আহিব লাগিব দবুলি ক’লে। উল্লেখনীয় যে গৰম বঢ়াত সমগ্ৰ দেশজুৰি চাহিদা বাঢ়িছে বিদ্যুত যোগানৰ, আৰম্ভ হৈছে সংকট। দেশৰ ভিন্ন প্রান্তত নিয়মিত লোডশ্বেডিং চলিছে। মুম্বাইতো দীর্ঘক্ষণ লোডশ্বেডিং প্ৰতিদিনৰ ঘটনা হৈ উঠিছে।

You might also like