নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লকডাউনঃ কি কি খোলা থাকিব আৰু কি কি বন্ধ ?

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ “আমাৰ বা চৰকাৰৰ লকডাউন দিয়াৰ ইচ্ছা নাই । কিন্তু কোনো উপায় নাই, মহানগীৰত সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ হ’লে আমি কঠোৰ হ’বই লাগিব ।”- আজি এনএইচএমৰ কাৰ্যালয়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা কয় । লগতে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে ।

 মহানগৰীত এই ১৪ দিনীয়া লকডাউনৰ সময়ছোৱাত কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব চাওক-

  • কম সংখ্যক কৰ্মচাৰীৰে খুলিব পাৰিব বেংক

  • প্ৰথম ৭ দিন লকডাউন হ’ব অতি কঠোৰ

  • আৰক্ষী- বিদ্যুৎ কৰ্মচাৰীৰ বাবে দিয়া হ’ব ৰেহাই

  • সংবাদ মাধ্যমৰ কৰ্মচাৰী আহিব পাৰিব কাৰ্যালয়লৈ

  • ৰাজ্যজুৰি আজি নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন

  • ১২ জুলাইলৈ গুৱাহাটীত হ’ব লকডাউন

  • খোলা ৰাখিব পাৰিব ফাৰ্মাচী – হাস্পতাল

  • বন্ধ থাকিব সকলো দোকান -পোহাৰ

  • চৰকাৰী- বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব

  • ব্যক্তিগত বা চৰকাৰী বাহন চলাচল কৰিব নোৱাৰিব

  • ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব

  • গাখীৰ, শিশু খাদ্য আৰু পানী যোগান অব্যাহত থাকিব

You might also like