গুৱাহাটীৰ পৰা পুনৰ পশুধনৰ চোৰাং বেহা আৰম্ভ জাভেদ–মোস্তাক বাহিনীৰ
নিয়মীয়া বাৰ্তা ৯ মেঃ অসম আৰক্ষী আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত নামনি অসমত পুনৰ ব্যাপক হাৰত আৰম্ভ হৈছে গৰু ছিণ্ডিকেট৷ বিশেষকৈ বিধানসভা নির্বাচন আৰু ক’ৰোনা পৰিস্থিতিৰ সুযোগ লৈ গৰু ছিণ্ডিকেট চক্র সক্রিয় হৈ উঠিছে৷ নামনি অসমৰ বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ পৰা গুৱাহাটীৰ মাজেৰে ছিণ্ডিকেট চক্রটোৱে মেঘালয় হৈ বাংলাদেশলৈ প্রতিদিনে সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে শ শ গৰু৷
উল্লেখ্য যে ৰাজধানী গুৱাহাটীত ক’ৰোনা পৰিস্থিতিৰ সুযোগ লৈ গৰুৰ চোৰাং বেহা চলোৱা ৰেড্ডী আৰু মুন্নাৰ পাছত এইবাৰ এই ছিণ্ডিকেট চক্রটোৰ মূল হোতা হৈ পৰিছে জাভেদ আৰু মোস্তাক নামৰ দুজন চোৰাং ব্যৱসায়ী৷ সম্বন্ধত জাভেদ আৰু মোস্তাক শহুৰ–জোঁৱাই৷ লক্ষণীয়ভাৱে আৰক্ষীৰ চকুৰ সন্মুখেৰে ক’ভিড পৰিস্থিতিৰ মাজতো গৰুৰ চোৰাং ব্যৱসায় চলাই যোৱাত মোস্তাক আৰু জাভেদক আঁৰৰ পৰা সহায় আগবঢ়াইছে অসম আৰক্ষীৰ এজন আই পি এছ বিষয়াই৷ নির্বাচনৰ পূর্বৰে পৰাই এনেদৰে ৰাজধানী চহৰৰ মাজেৰে গৰু সৰবৰাহ কৰা এই ছিণ্ডিকেট চক্রটোক সহযোগ কৰাৰ বাবে শীর্ষ আৰক্ষী বিষয়াজনক জাভেদ আৰু মোস্তাক বাহিনীয়ে উপহাৰস্বৰূপে আগবঢ়াইছে এখন বিলাসী গাড়ী৷
আৰক্ষীৰ এক সূত্রই প্রকাশ কৰা অনুসৰি মহানগৰীৰ উলুবাৰীৰ সমীপৰ গান্ধীবস্তিত বাহৰ পাতি মোস্তাক আৰু জাভেদ বাহিনীয়ে বিহাৰ, উত্তৰ প্রদেশৰ পৰা বৃহৎ বৃহৎ কনটেইনাৰত গৰু ভৰাই শ্রীৰামপুৰ হৈ মহানগৰীত প্রৱেশ কৰাৰ পাছত নমাইল হৈ মেঘালয়লৈ আৰু পৰৱর্তী সময়ত মেঘালয়ৰ পৰা বাংলাদেশলৈ চালান দিছে৷ বাধাহীনভাৱে প্রতিদিনে ৩–৪ কনটেইনাৰভর্তি গৰু গুৱাহাটীৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ চালান হৈ আছে৷ নিশাৰ ভিতৰত গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা এই কনটেইনাৰসমূহ পৰীক্ষা কৰিবলৈ অথবা তালাচী চলাবলৈ কোনো আৰক্ষী থানাই সাহস নকৰে৷ উল্লেখ্য যে এসময়ত ৰাজস্থানৰ পৰা আহি গুৱাহাটীত ছাগলীৰ ব্যৱসায়েৰে জীৱন–জীৱিকা আৰম্ভ কৰা ছিণ্ডিকেট চক্রৰ অন্যতম নায়ক মোস্তাক আজিৰ দিনত চোৰাং ব্যৱসায়েৰে কোটিপতিত পৰিণত হৈছে৷ এইক্ষেত্রত মোস্তাকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াই আহিছে আৰক্ষীৰে আন একাংশ শীর্ষ বিষয়াৰ লগতে দুই–চাৰিজন ৰাজনৈতিক নেতাই৷ কংগ্রেছৰ কার্যকালত ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰা মোস্তাকৰ জোঁৱায়েক জাভেদেও শেহতীয়াকৈ গৰুৰ চোৰাং ব্যৱসায় আৰক্ষী বিষয়াৰ সহযোগতেই বাংলাদেশলৈ সম্প্রসাৰিত কৰিবলৈ সক্ষম হৈছে৷
নির্বাচনৰ সময়ছোৱাৰ পৰাই জাভেদৰ নেতৃত্বতে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্রদেশ আৰু পঞ্জাবৰ পৰা বৃহৎ কনটেইনাৰযোগে গুৱাহাটী–মেঘালয় হৈ বাংলাদেশলৈ অহৰহ সৰবৰাহ হৈ আছে গৰু৷ মন কৰিবলগীয়া যে গৰুৰ চোৰাং বেহা চলাই নিয়াৰ বাবে মোস্তাক বাহিনীয়ে নিয়োগ কৰিছে একোজনকৈ এজেণ্ট৷ ধুবুৰী, বঙাইগাঁও, বৰপেটা, ৰঙিয়া, বাইহাটা চাৰিআলি, জালুকবাৰী আৰু গুৱাহাটীৰ খানাপাৰাত এজেণ্টৰ জৰিয়তে গৰুসমূহ নিয়াৰ ব্যৱস্থা কৰা হয় নমাইলৰ গৰু বজাৰলৈ৷ ইয়াৰ পাছতেই মেঘালয়ৰ গাৰোপাহাৰ জিলাৰ একাংশ এজেণ্টৰ জৰিয়তে ইয়াক চালান দিয়া হয় বাংলাদেশলৈ৷ একোখন জিলা এনেদৰে পাৰ কৰি দিয়াৰ বাবদ একোজন এজেণ্টে লাভ কৰে ১৫ হাজাৰৰ পৰা ২০ হাজাৰ টকা৷ বিহাৰ, উত্তৰ প্রদেশ, পশ্চিমবংগ আৰু পঞ্জাবৰ পৰা ২০–২৫ হাজাৰ টকাত ক্রয় কৰি অনা গৰু মেঘালয় পাৰ হৈ বাংলাদেশ সোমালেই একোটা গৰুৰ দাম ৮০ হাজাৰ টকাৰ পৰা এক লাখ টকালৈ দৰ উঠে৷
আৰক্ষী সূত্রটোৰ মতে, বহিঃৰাজ্যৰ পৰা বিভিন্ন ধৰণে অসমত প্রৱেশ কৰা গৰুভর্তি কনটেইনাৰসমূহ গুৱাহাটীৰ পৰা গাৰো হিলছলৈ নিয়াৰ ক্ষেত্রত সহযোগ আগবঢ়াই আহিছে মেঘালয়ৰ একাংশ ৰাজনৈতিক নেতাৰ লগতে ৰাজ্যখনৰ আৰক্ষীয়েও৷ লক্ষণীয় দিশটো হ’ল যে গুৱাহাটীত প্রৱেশৰ পাছত জাভেদ বাহিনীয়ে গৰুভর্তি কনটেইনাৰসমূহ গতাই দিয়ে দিলদাৰ নামৰ এজন দালালৰূপী এজেণ্টক৷ মহানগৰীৰ সোণাপুৰৰ পৰাই গৰুৰ ছিণ্ডিকেট চক্র নিয়ন্ত্রণ কৰা দিলদাৰে মেঘালয় আৰু বাংলাদেশত এই ব্যৱসায়ৰ সকলো দিশ তদাৰক কৰে৷ মুখ্যতঃ দিলদাৰৰ নির্দেশতে বহিঃৰাজ্যৰ পৰা কিমান গৰু আহিব, ক’ৰ পৰা ক’লৈ নিয়া হ’ব, ক’ত নমোৱা হ’ব, কোনজন এজেণ্টত কি দায়িত্ব দিয়া হ’ব, এই সকলো নির্ধাৰণ কৰা অনুসৰিয়েই সকলো কার্য সম্পন্ন হয়৷ এনেদৰে সুপৰিকল্পনাৰে বৃহৎ নেটৱর্কৰ জৰিয়তে বিহাৰ, উত্তৰ প্রদেশ আৰু পশ্চিমবংগৰ পৰা অহা শ শ গৰু গুৱাহাটীৰ মাজেৰে বাংলাদেশলৈ চালান দি অহা হৈছে৷ ৰাজ্যত বিধানসভা নির্বাচন আৰু ক’ৰেনাকেন্দ্রিক পৰিৱেশৰ বাবে আৰক্ষী–প্রশাসন ব্যস্ত হৈ থকাৰ সময়তে গৰুৰ ছিণ্ডিকেট চক্রটোৱে অবাধে চলাই গৈছে চোৰাং ব্যৱসায়৷ লক্ষণীয়ভাৱে পৰিস্থিতিৰ সুযোগত জাভেদ আৰু মোস্তাক বাহিনীক এনেদৰে ছিণ্ডিকেট চলোৱাৰ সুবিধা কৰি দি বৃহৎ ধনৰ অংকত নামি পৰিছে আৰক্ষীৰ একাংশ শীর্ষ বিষয়াৰ লগতে আন একাংশ ৰাজনৈতিক নেতা৷