মহানগৰ লকডাউনৰ মাজতে বশিষ্ঠত ভয়ংকৰ অগ্নিকাণ্ড By নিয়মীয়া বাৰ্তা On Jul 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ ক’ৰোনা মহামাৰীৰ গণ সংক্রমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত চলি থকা কঠোৰ লকডাউনৰ মাজতে আজিবশিষ্ঠত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ বিয়লি প্রায় দুই বজাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত এক কয়লা ডিপোৰ সমীপৰ ছটামান টিনপাতৰ চালিঘৰ সম্পূর্ণ ভস্মীভূত হোৱাৰ লগতে বহু সা–সম্পত্তি জ্বলি ছাই হয়৷ প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি, কালি বিয়লি প্রায় দুই বজাত বশিষ্ঠৰ সাত নং উপ–পথৰ কয়লা ডিপোৰ সমীপত বৈদ্যুতিক শ্বর্ট চার্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে৷ নিমিষতে জুইৰ লেলিহান শিখাত কয়লা ডিপোৰ সমীপত থকা ছটা টিনপাতৰ কোঠালি জ্বলি ছাই হয়৷ তদুপৰি, কয়লা ডিপোত ৰখাই থোৱা এএছ–০১এচি–৩৪৫৭ নম্বৰৰ ট্রাকখনৰ বিস্তৰ ক্ষতি হয়৷ পিছত আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়৷ উল্লেখ্য যে মহানগৰীৰ বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ ওলমি আছে৷ যদিহে বিদ্যুৎ বিতৰণ কোম্পানীয়ে শীঘ্রে এইসমূহ মেৰামতি নকৰে, তেন্তে যিকোনো সময়ত এনে ঘটনাৰ পুনৰাবৃত্তি ঘটিব পাৰে৷ Share